শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

ডোনাল্ড ট্ৰাম্পৰ সন্মুখত আসৈ মাতি ধৰা পৰিল মোডী…

17,364

ডিজিটেল ডেস্কঃ দেশবাসীৰ সন্মুখত আসৈ মাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেইবাবাৰো ধৰা পৰিছে। বিমুদ্ৰাকৰণৰ সময়ত দিয়া আশ্বাস মিছা প্ৰমাণিত হৈছে। ক’লা ধন দেশলৈ ঘূৰাই আনি প্ৰতিজন দেশবাসীক ১৪-১৫ লাখকৈ টকা দিয়া হ’ব বুলি কৰা ঘোষণা ইতিমধ্যে মানুহে পাহৰিবলৈ লৈছে।

হ’লেও ভাষণেৰে দেশবাসীক আশ্বস্ত কৰিব পৰা যাদুকৰী শক্তি আছে মোডীৰ। কিন্তু বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ মুৰব্বীক ভাল লগাবলৈ আসৈ মাতি বেয়াকৈ ধৰা পৰি গ’ল প্ৰধানমন্ত্ৰী।

‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানত ভাগ ল’বলৈ ২৪ ফেব্ৰুৱাৰীত ভাৰত পাবহি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। ভাৰতলৈ অহাৰ পূৰ্বে অত্যুৎসাহী ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁক আদৰিবলৈ ১০ মিলিয়ন লোক ৰৈ আছে আহমেদাবাদত। ২২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে ১০ মিলিয়ন লোকে তেওঁক আদৰণি জনাব বুলি ট্ৰাম্পে কৰা ঘোষণাৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

উপস্থিত লোকৰ সংখ্যা ১০ মিলিয়নতকৈ কম হ’ব বুলি সদৰী কৰিছিল আহমেদাবাদৰ পৌৰ প্ৰশাসনৰ বিষয়াই। তাৰ পাছতেই সমালোচনাৰ লক্ষ্য হৈছিল ট্ৰাম্প। ট্ৰাম্পে নিজৰ জনপ্ৰিয়তাৰ কথা ক’বলৈ এইদৰে ভাৰতত তেওঁক আদৰিবলৈ ১০ মিলিয়ন লোক ৰৈ থকা বুলি মন্তব্য কৰাক লৈ চৰ্চা হৈছিল সমগ্ৰ বিশ্বজুৰি।

তাৰ পিছতে মুখ খুলিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰত ভ্ৰমণলৈ অহাৰ দুদিনৰ পূৰ্বে তেওঁ ক’লে- ভাৰতত তেওঁক ১০ মিলিয়ন লোকে আদৰণি জনাব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে নিজ মুখে তেওঁক কৈছিল। সেই তথ্যৰ আধাৰতে তেওঁ কৰিছিল এই মন্তব্য।

ইফালে, স্থানীয় সংবাদ সূত্ৰই জানিবলৈ দিয়া মতে, বিমান বন্দৰৰ পৰা আহমেদাবাদৰ যিটো ষ্টেডিয়ামত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানটো অনুষ্ঠিত হ’ব, সেই ষ্টেডিয়ামত উপস্থিত থাকিব পৰা লোকৰ সংখ্যা ১ লাখ। তেনেস্থলত মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক কিহৰ বাবে এইদৰে ১০ মিলিয়ন লোকে আদৰণি জনাবলৈ ৰৈ আছে বুলি জনালে, তাক লৈও এতিয়া সৰৱ চৰ্চা চলিছে চৌদিশে।

পত্নী মেলানিয়াৰ সৈতে ভাৰত ভ্ৰমণলৈ আহিবলগা ট্ৰাম্পে আহমেদাবাদৰ কাৰ্যসূচী সমাপ্ত কৰিয়েই যাব নতুন দিল্লীলৈ। দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজধানী চহৰখনৰ চৰকাৰী বিদ্যালয়ক লৈ খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল অৰবিন্দ কেজৰিৱালক। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰা বুলি মুখ্যমন্ত্ৰী কেজৰিৱালে কৰা দাবীক নসাৎ কৰিছিল অমিত শ্বাহে।

এতিয়া পিছে অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয়ৰ মান উন্নত হোৱা বুলি কৰা দাবীয়েই যেন সঁচা হ’বলৈ গৈ আছে। কিয়নো দিল্লীত মাৰ্কিন ৰাষ্ট্ৰপতিৰ পত্নী মেলানিয়া ট্ৰাম্পক অমিত শ্বাহ আৰু মোডীয়ে দেখুৱাব কেজৰিৱাল চৰকাৰে আন্তঃগাঁঠনি সলনি কৰি উচ্চমান সম্পন্ন বিদ্যালয়লৈ ৰূপান্তৰিত কৰা তেনে এখন চৰকাৰী বিদ্যালয়।

এই ভ্ৰমণত তাজমহল দৰ্শন কৰিবলৈও যাব ট্ৰাম্প দম্পত্তি। ইতিমধ্যে সজাই পৰাই তোলা হৈছে তাজমহলৰ চৌপাশ। ২৪ ফেব্ৰুৱাৰীত দিনৰ ১২ বজাৰ পৰা তাজমহলৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি