লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰীৰঃ LIVE Updates

লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰীৰঃ LIVE Updates

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দিল্লীত স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

পুৱা ৯.১৪ বজাতঃ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ জনতাক সম্বোধন। শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি।

পুৱা ৯.০৪ বজাতঃ ভাষণ সামৰিলে মোডীয়ে। ভাষণ সামৰাৰ পূৰ্বে মোডীয়ে কয়, 'আমি আৰু অধিক আগুৱাই যাব লাগিব। আমি ভাগৰি পৰাৰ বা ৰৈ যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।'

পুৱা ৮.৫৯ বজাতঃ মহিলা ন্যায়াধীশৰ প্ৰসংগ উল্লেখ মোদীৰ। 'আজি দেশৰ উচ্চতম ন্যায়ালয়ত ৩ গৰাকী মহিলা ন্যায়াধীশ আছে। এয়া আমাৰ বাবে গৌৰৱৰ কথা।'

পুৱা ৮.৫৩ বজাতঃ কাশ্মীৰ প্ৰসংগ উল্লেখ কৰে মোডীয়ে। 'আমি গালি আৰু গুলিৰ পথত নাই, গলে লগাই আগবাঢ়িব খোজো। আমি কাশ্মীৰৰ উন্নতি বিচাৰো।'

পুৱা ৮.৫১ বজাতঃ পুনৰ উত্তৰ-পূবে স্থান পাই মোডীৰ ভাষণত। মোডীয়ে কয়- 'ত্ৰিপুৰা, মেঘালয় আৰু অৰুণাচলৰ বৃহৎ অংশত  এতিয়া ঐতিহাসিক শান্তি বিৰাজ কৰিছে। আমি দেশজুৰি শান্তি নিশ্চিত কৰা হকে কাম কৰি গৈ আছো।'

পুৱা ৮.৪৭ বজাতঃ তিনি তালাক প্ৰসংগত মোডীয়ে কয়- তিনি তালাক মুছলমান মহিলাসকলৰ বাবে এক অন্যায়। আমি এই অন্যায়ৰ অন্ত পেলাব বিচাৰো। কিন্তু আমাক কিছু লোকে তেনে কৰিবলৈ নিদিয়ে।

পুৱা ৮.৪৫ বজাতঃ বলাৎকাৰৰ দৰে মানসিকতা আমাৰ সমাজৰ পৰা অাতৰাব লাগিবঃ মোডী।

পুৱা ৮.৩৬ বজাতঃ কৰ আদায় দিয়া সৎ ভাৰতীয় সকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰেঃ মোডী।

পুৱা ৮.২৬ বজাতঃ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে প্ৰধামন্ত্ৰী জন আৰোগ্য অভিযান আৰম্ভ হ'ব ২৫ ছেপ্টেম্বৰত।

পুৱা ৮.১৯ বজাতঃ আমাৰ বিজ্ঞানীসকলক লৈ আমি গৌৰাৱান্বিত। যদি সম্ভৱ হয়, তেনেহ'লে ২০২২ বা তাৰ আগতে মহাকাশত তিৰংগা উৰিবঃ মোডী।

পুৱা ৮.১২ বজাতঃ উত্তৰ-পূবৰ প্ৰসংগ উল্লেখ কৰি নৰেন্দ্ৰ মোডীয়ে কয়- 'এটা সময় আছিল, উত্তৰ-পূব দিল্লীৰ পৰা বহুত দূৰৈত বুলি অনুভৱ কৰিছিল। কিন্তু আজি তেওঁলোকক আমি কাষ চপাই আনিছো।

পুৱা ৮.১০ বজাতঃ প্ৰধানমন্ত্ৰীয়ে দাবী কৰে, তেওঁৰ চৰকাৰে অভিলেখ হাৰত অৰ্থনীতিৰ বিকাশ সম্ভৱ কৰি তুলিছে।

পুৱা ৮.০৫ বজাতঃ প্ৰধানমন্ত্ৰীৰ ভাষণত স্থান পাই জিএছটি প্ৰসংগই। জি এছ টি সফল কৰাৰ বাবে তেওঁ ব্যৱসায় সমূদায়ক ধন্যবাদ জ্ঞাপন কৰে।

পুৱা ৭.৫8 বজাতঃ নাগৰিকে কেৱল এখন চৰকাৰে গঠন নকৰে, তেওঁলোকে দেশ গঢ়াত অংশ লয়ঃ নৰেন্দ্ৰ মোডী।

পুৱা ৭.৫৫ বজাতঃ প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে- 'আমি আজি যি কৰিছো, তাক লৈ গৌৰাৱান্বিত। কিন্তু একে সময়তে আমি চাব লাগিব আমি ক'ৰ পৰা আৰম্ভ কৰিছিলো।'

পুৱা ৭.৫২ বজাতঃ টুইটাৰযোগে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰদান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ।

পুৱা ৭.৪৯ বজাতঃ ভাষণত মোডীয়ে কয়, ' আমি সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰিব লাগিব। ' মোডীয়ে উল্লেখ কৰে- 'আমাক বি আৰ আম্বেদকাৰে যি সংবিধান দি থৈ গৈছে, তাত সকলোৰে ন্যায়ৰ কথা উল্লেখ কৰি থৈ গৈছে।

পুৱা ৭.৪৬ বজাতঃ শেহতীয়াকৈ বানত নিহত সকলৰ স্মৃতিত শোক ব্যক্ত কৰি সমবেদনা জ্ঞাপন কৰে মোডীয়ে।

পুৱা ৭.৪৪ বজাতঃ মোডীয়ে কয়- ভাৰতে বিশ্বৰ এক বৃহত শক্তি হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেনে এক সফলতাৰ পাছত আমি আজি স্বাধীনতা দিৱস উদযাপন কৰিছো। ভাষণ প্ৰসংগত ইয়াৰ লগতে তেওঁ বৰ্ষাকালীন অধিবেশনত সামাজিক ন্যায়ৰ হকে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও উল্লেখ কৰে।

পুৱা ৭.৪০ বজাতঃ নৰেন্দ্ৰ মোডীৰ ভাষণত কয়- 'আমি সগৌৰৱে আজি স্বাধীনতা দিৱস উদযাপন কৰিছো। তেওঁ বিশেষকৈ উল্লেখ কৰে ৬গৰাকী মহিলা নৌ বিষয়াৰ কথা।'

পুৱা ৭.৩২ বজাতঃ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অভিবাদন গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে।

পুৱা ৭.২৫ বজাতঃ অসমৰ বাক্সা জিলাৰ ছানৰাইজ ক্লাৱে প্ৰস্তুত কৰিছে এখন ৰাষ্ট্ৰীয় পতাকা। এইখনৰদৈৰ্ঘ ৩.২৫ কিঃমিঃ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত ওপাৰখুটি গাঁৱৰ এই ৰাষ্ট্ৰীয় পতাকাক লৈ  চৰ্চা।

পুৱা ৭.২০ বজাতঃ লালকিল্লাত প্ৰধানমন্ত্ৰী আহি উপস্থিত।

পুৱা ৭.১৩ বজাতঃ নৰেন্দ্ৰ মোডী উপস্থিত হয়গৈ ৰাজঘাটত। মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধা-নিবেদন।

পুৱা ৭ বজাতঃ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, এইচ ডি দেৱেগুড়া আৰু বিজেপিৰ জ্যেষ্ঠ লালকৃষ্ণ আদৱানী আহি উপস্থিত হয়হি লালকিল্লাত।

পুৱা ৬.৫৩ বজাতঃ দিল্লীৰ নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছে ৭০ হাজাৰ আৰক্ষী। ইয়াৰে ১০হাজাৰ নিয়োজিত হৈছে লালকিল্লাত।

পুৱা ৬.৪৬ বজাতঃ দিল্লী আৰু ইণ্ডিয়া গেটৰ সমীপত নিৰাপত্তা কটকটীয়া কৰা হয়। নিয়োগ কৰা হয় এন এছ জি জোৱান আৰু স্বাট কমাণ্ডৰ্ছ। নিৰাপত্তা ব্যৱস্থা তদাৰক কৰে দিল্লীৰ উচ্চপদস্থ বিষয়াই।

পুৱা ৬.২৭ বজাতঃ  কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বাসগৃহ পতাকা উত্তোলন কৰি সেনাবাহিনী জোৱানৰ মাজত মিঠাই বিতৰণ কৰে।

পুৱা ৬.২৩ বজাতঃ বাসগৃহত গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ পতাকা উত্তোলন।

পুৱা ৬.১৪ বজাতঃ ভাৰত-বাংলাদেশ সীমান্তৰ আগৰতলা-আখুৰাত বাংলাদেশৰ জোৱানক মিঠাই দিয়ে বি এছ এফৰ জোৱানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in