বিদেশ ভ্ৰমণ আৰু আঁচনি প্ৰচাৰৰ নামত মোদীয়ে ব্যয় কৰিলে ৭,২০০ কোটি

বিদেশ ভ্ৰমণ আৰু আঁচনি প্ৰচাৰৰ নামত মোদীয়ে ব্যয় কৰিলে ৭,২০০ কোটি

ডিজিটেল ডেস্কঃ চাওতে চাওতে আৰু কেইটামান দিনহে বাকী আছে নৰেন্দ্ৰ মোদীৰ ৫ বছৰীয়া কাৰ্যকালৰ। চাৰে চাৰি বছৰ পূৰ্বে আৰম্ভ হোৱা মোদী লহৰ এতিয়া আৰু তেনেকৈ নাই। দিন বাগৰাৰ লগে লগে মোদীক লৈ থকা সাধাৰণ জনতাৰ আকাংক্ষাও কমি কমি গৈ থাকিল। মোদীয়ে যি উদ্যমেৰে দেশৰ শাসনলৈ আহিছিল, পৰৱৰ্তী সময়ত সেই উদ্যম মোদীয়ে হেৰুৱাই পেলোৱা বুলি চৰ্চা চলিবলৈ আৰম্ভ কৰিলে। পৰিৱৰ্তনৰ শ্ল'গান গাই আৰু বিদেশ ভ্ৰমণ কৰি মোদীয়ে কেৱল দেশবাশীক আভুৱা ভাৰিলে বুলিও চৰ্চা হ'বলৈ ধৰিলে।

বিদেশ ৰাজ্যমন্ত্ৰী বি কে সিঙে সদৰী কৰা মতে, বিগত চাৰে চাৰি বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৪ বাৰ বিদেশ ভ্ৰমণ কৰিছে। যাৰ বিনিময়ত প্ৰায় ২৮০ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২ হাজাৰ কোটি টকা চৰকাৰী ধন খৰছ হৈছে। তদুপৰি মোদীয়ে সৃষ্টি কৰা আঁচনিৰ কেৱল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই বৰ্তমানলৈকে ৫২০০ কোটি টকা খৰছ কৰিছে।

ব্লুমবাৰ্গ নামৰ সংবাদ সংস্থাটোৰ বাতৰি মতে বিদেশ ৰাজ্যমন্ত্ৰী বিকে সিঙে সংসদৰ মজিয়াত উত্থাপিত হোৱা এক প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰছ আৰু প্ৰধানমন্ত্ৰীৰ আঁচনিসমূহৰ প্ৰচাৰৰ নামত হোৱা খৰছৰ হিচাপ প্ৰকাশ কৰে।

উল্লেখ্য যে, বিগত চাৰে চাৰি বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ প্ৰায়বোৰ ৰাজনৈতিক নেতাকে সাক্ষাৎ কৰিছে। ড'নাল্ড ট্ৰাম্পৰ পৰা চীনৰ ৰাষ্ট্ৰপতি চী জিনপিঙলৈকে সকলো নেতাক সাক্ষাৎ কৰি মোদীয়ে দেশৰ উন্নয়ন আৰু সুৰক্ষা সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হৈছে- মোদীৰ এই বিদেশ ভ্ৰমণে দেশৰ অৰ্থনীতি কিম্বা উন্নয়নত কোনো বিশেষ অৰিহণা যোগোৱা পৰিলক্ষিত হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in