য’লৈকে যায় মোডীয়ে মিছা কথাই কয়…

য’লৈকে যায় মোডীয়ে মিছা কথাই কয়…

ডিজিটেল ডেস্কঃ 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মিছলীয়া। মোডীয়ে কেৱল মিছা প্ৰতিশ্ৰুতি দিব জানে। য'লৈকে তেওঁ যায়, তেওঁ কেৱল মিছা কথাই কয়।' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এইদৰে সোমবাৰে আক্ৰমণ কৰিলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবীত সোমবাৰৰ পৰা বহা অনশনৰ কাৰ্যসূচীত অংশ লৈ মোডীক সমালোচনাৰে থকাসৰকা কৰে কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে।

অন্ধ্ৰপ্ৰদেশৰ দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াই ৰাহুলে লগতে কয়, 'অন্ধ্ৰ প্ৰদেশৰ ৰাইজৰ প্ৰতি মোৰ সমৰ্থন থকা বাবেই মই আজি ইয়াত উপস্থিত হৈছো। অন্ধ্ৰ প্ৰদেশবাসীক দিয়া প্ৰতিশ্ৰুতি মোডীয়ে পূৰণ নকৰিলে। তেওঁ কেৱল মিছা প্ৰতিশ্ৰুতি দিবহে জানে। মোডীৰ আৰু প্ৰধানমন্ত্ৰী হৈ থকাৰ যোগ্যতা নাই।'

ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক উদ্দেশ্যি এইদৰে কোৱাৰ লগতে অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী পূৰণৰ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in