আমি জনপ্ৰতিনিধি নহয়, জনসেৱক হেঃ কেৰালাত প্ৰধানমন্ত্ৰী মোডী…

আমি জনপ্ৰতিনিধি নহয়, জনসেৱক হেঃ কেৰালাত প্ৰধানমন্ত্ৰী মোডী…
  • কেৰালাৰ গুৰুভয়ুৰত জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • শ্ৰীকৃষ্ণ মন্দিৰত পূজা অৰ্চনাৰ পিছতে জনসভা সম্বোধন কৰে মোডীয়ে।
  • 'আমি গুজৰাটী লোকসকলৰ মাজত এটা আবেগিক সংযোগ আছে।'
  • 'সেইদৰে দ্বাৰকাধিশ, গুৰুভয়ুৰৰ মাটিয়েও এক বিশেষ অনুভৱ প্ৰদান কৰে।'
  • 'কিছু লোকে ভাবিছিলে যে বিজেপিয়ে কেৰালাত জয়লাভ কৰিব নোৱাৰিব।'
  • 'কিন্তু আজি কেৰালাবাসীয়ে নিজৰ সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ বাবে বিজেপিক আকোঁৱালি লৈছে।'
  • 'আমাৰ চিন্তা- দেশৰ প্ৰগতি, কেৰালাৰ প্ৰগতি।'
  • 'আমি ভাৱো নিৰ্বাচনৰ পিছত আমাৰ দায়িত্ব অধিক বৃদ্ধি পাইছে।'
  • '১৩০ কোটি জনতাৰ সেৱাৰ দায়িত্ব আমাৰ হাতত ন্যাস্ত হৈছে।'
  • 'যিসকলে আমাক সমৰ্থন জনাইছিল, আমাক জয়ৰ লক্ষ্যত উপনীত কৰাইছে তেওঁলোকৰো দায়িত্ব আমি ল'ব লাগিব।'
  • 'মোৰ বাবা কেৰালা বাৰনাসীতকৈ পৃথক নহয়।'
  • 'বিজেপি কৰ্মকৰ্তা কেৱল নিৰ্বাচন সময়তে সক্ৰিয় নহয়।'
  • 'বিজেপিয়ে বছৰৰ ৩৬৫ দিনেই জনতাৰ হৈ কাম কৰে।'
  • 'আমি চৰকাৰ গঠন কৰিবলৈ ৰাজনীতি কৰা নাই।'
  • 'আমাৰ লক্ষ্য এখন সৰ্বাংগীন বিকশিত দেশ নিৰ্মাণৰ।'
  • 'আমি সেই 'তপস্যা'ত ব্ৰতী হৈছো যাৰ দ্বাৰা ভাৰতবৰ্ষক বিশ্বৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব পাৰো।'
  • 'জনতাই ৫ বছৰৰ বাবে জনপ্ৰতিনিধি নিৰ্বাচন কৰে।'
  • 'কিন্তু আমি জন সেৱক, যিয়ে দীৰ্ঘ সময়ৰ বাবে জনতাৰ সেৱা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in