৯ ফেব্ৰুৱাৰীত ক’ত, কিয় মোডী…

৯ ফেব্ৰুৱাৰীত ক’ত, কিয় মোডী…
  • শুকুৰবাৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • নিশা ৰাজভৱনত কটাই পুৱা গুৱাহাটীৰ পৰা ইটানগৰলৈ ৰাওনা প্ৰধানমন্ত্ৰীৰ।
  • ইন্দিৰা গান্ধী পাৰ্কত উদ্বোধন কৰিব কেইবাটাও প্ৰকল্পৰ।
  • হোলেঙি গ্ৰীনফিল্ড বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰিব।
  • ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।
  • অৰুণপ্ৰভা নামৰ দূৰদৰ্শন চেনেলটো উদ্বোধন কৰিব।
  • FTIIৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে।
  • অৰুণাচলৰ জটেত নিৰ্মাণ হ'ব ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট।
  • ৫০টা স্বাস্থ্যকেন্দ্ৰও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
  • ইটানগৰৰ পৰা উভতি ১২.৩০ বজাত পাবহি আমিনগাঁও।
  • চাংসাৰিত AIIMSৰ ভূমি পূজনত কৰিব অংশগ্ৰহণ।
  • ১৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব AIIMS।
  • আধাৰশিলা স্থাপন কৰিব ৬ লেনযুক্ত দলঙৰ।
  • গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হ'ব দলং।
  • ২,১৮৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব দলংখন।
  • নৰ্থ-ইষ্ট গ্ৰীডৰো অধাৰশিলা স্থাপন কৰিব মোডীয়ে।
  • চিটী গেছ ডিষ্ট্ৰিবিউচন নেটৱৰ্কৰো আধাৰশিলা স্থাপন কৰিব।
  • কামৰূপ, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত হ'ব গেছ
    ডিষ্ট্ৰিবিউচন নেটৱৰ্ক।
  • তিচিুকীয়াৰ হোলোং মড্যুলাৰ গেছ প্ৰচেছিং প্লাণ্ট উদ্বোধন কৰিব।
  • নুমলীগড়ৰ NRL বায়' ৰিফাইনেৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
  • ৭২৯ কিঃমিঃৰ গুৱাহাটী-বাৰাউনী গেছ পাইপলাইনৰ উদ্বোধন।
  • পশ্চিম বংগ, ছিকিমৰ মাজেৰে বিহাৰলৈ সংযোগ গেছ পাইপলাইন।
  • ২.৩০ বজাত প্ৰধানমন্ত্ৰী ৰাওনা হ'ব আগৰতলালৈ।
  • স্বামী বিবেকানন্দ খেলপথাৰত সম্বোধন কৰিব বিশাল জনসভা।
  • দেশৰ নামত উত্সৰ্গা কৰিব গাৰ্জী-বেলনিয়া ৰে'লপথ।
  • ত্ৰিপুৰা ইনষ্টিটিউট অৱ টেকনল'জীৰ নতুন ভৱন উদ্বোধন কৰিব।
  • নৰসিংগড়স্থিত প্ৰতিষ্ঠানখনৰ কমপ্লেক্স উদ্বোধন কৰিব।
  • মহাৰজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব।
  • আগৰতলাৰ বীৰ বিক্ৰম বিমান বন্দৰত স্থাপন কৰা হৈছে প্ৰতিমূৰ্তি।
  • ৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া পুনৰ দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in