‘গংগা নদীত গা ধুই পবিত্ৰ হওক মোডী, ভাল কাম কৰিব পাৰিব তেতিয়া’

‘গংগা নদীত গা ধুই পবিত্ৰ হওক মোডী, ভাল কাম কৰিব পাৰিব তেতিয়া’

ডিজিটেল ডেস্কঃ ৰাফেল বিমান ক্ৰয় চুক্তি বিবাদত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ক্লীন ছীট দিয়াৰ পিছতে ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পুনৰ্বিচাৰৰ বাবে আবেদন জনাইছে কংগ্ৰেছে৷ বিজেপি চৰকাৰে ৰাফেল চুক্তি সন্দৰ্ভত ন্যায়ালয়ত ভুল তথ্য দাখিল কৰা বুলি দাবী কৰি কংগ্ৰেছে তাৰ পুনৰ বিচাৰৰ বাবে ন্যায়লয়ক অনুৰোধ জনাইছে৷

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আনন্দ শৰ্মাই দেওবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে ৰাফেল চুক্তি এক সাধাৰণ বিষয় নহয়৷ ৰাফেল ক্ৰয় মূল্যত বিজেপিয়ে ধন হৰলুকি কৰি সমগ্ৰ দেশৰ লগত প্ৰৱঞ্চনা কৰিছে৷ ৰাফেল চুক্তি অভিযোগ কালত কেন্দ্ৰীয় চৰকাৰে বহু কৌশলপূৰ্ণভাৱ উচ্চতম ন্যায়ালয়ত ভুৱা দলিল দাখিল কৰি ন্যায়ালয়ক অৱমাননা কৰা বুলিও অভিযোগ কৰে জ্যেষ্ঠ কংগ্ৰছ নেতাগৰাকীয়ে৷

তেওঁ পুনৰ কয়, 'বিজেপি চৰকাৰে দেশৰ স্বাৰ্থত কাম কৰা বুলি আভুৱা ভাৰিছে আৰু নেতা-মন্ত্ৰীয়ে নিজৰ পকেট গৰম কৰিছে৷ কিন্তু এতিয়া ভুৱা তথ্য দাখিল কৰি তেওঁলোকে যিদৰে দেশৰ শীৰ্ষ ন্যায়ালয় আৰু ন্যায়ামুৰ্তিক অৱমাননা কৰিছে, তাৰ বাবে বিজেপিয়ে অনুশোচনা কৰা উচিত আৰু পবিত্ৰ গংগা নদীত গা ধুই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা ভুলৰ বাবে প্ৰায়চিত্ত হোৱা উচিত৷' তেনে কৰিলেহে বিজেপিয়ে ভাল কৰ্ম কৰিব পাৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা আনন্দ শৰ্মাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in