হ্ৰাস পাব মূল্য! ১ লাখ টন পিঁয়াজ আমদানিৰ সিদ্ধান্ত মোডী চৰকাৰৰ…

হ্ৰাস পাব মূল্য! ১ লাখ টন পিঁয়াজ আমদানিৰ সিদ্ধান্ত মোডী চৰকাৰৰ…

ডিজিটেল ডেস্কঃ বজাৰত লাগিছে জুই। কিয়নো অবাধ হাৰত বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য।দেশৰ প্ৰায় কেইখন ৰাজ্যতে ৰাইজে এক কেজি পিঁয়াজৰ বিনিময়ত দিব লগা হৈছে ৭০ৰ পৰা ৯০টকা পৰ্যন্ত। অবাধ হাৰত বৃদ্ধি পোৱা এই পিঁয়াজৰ মূল্য হ্ৰাস কৰাৰ বাবে মোডী চৰকাৰেএক ডাঙৰ সিদ্ধান্ত লৈ এম এম টি চিক ১ লাখ টন পিঁয়াজ আমদানি কৰাৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাশৱানেশনিবাৰে টুইটাৰযোগে মোডী চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। তেওঁটুইটাৰত লিখিছে- চৰকাৰে পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে ১ লাখ টন পিঁয়াজআমদানিৰ সিদ্ধান্ত লৈছে। এম এম টি চিয়ে ১৫ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত এইপিঁয়াজ দেশবাৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in