শেহতীয়া খবৰ
এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান  •  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ

চৰকাৰ গঠনৰ পাছত বুধবাৰে প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক, ৩ তালাক বিধেয়কক লৈ হ’ব গুৰুত্বপূৰ্ণ আলোচনা

135

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ত বিশাল জনমতেৰে পুনৰ এবাৰ চৰকাৰ গঠন কৰা নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক বুধবাৰে অনুষ্ঠিত হ’ব। এই বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিয়ে ঘোষণাপত্ৰত উল্লেখ কৰা প্ৰতিশ্ৰুতি সমূহ পূৰণৰ বাবে মন্ত্ৰীসকলক নিৰ্দেশ জাৰি কৰিব বুলি জানিব পৰা গৈছে।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক ১০০ দিনৰ এক্সন প্লেন প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰাৰ লগতে এই বৈঠকতে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে, দ্বিতীয় কাৰ্যকাল হাতত লৈয়ে এইবাৰ প্ৰধানমন্ত্ৰী মোডীয়ে অধিক উদ্যমেৰে ন ন আঁচনি প্ৰস্তুত আৰু বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

আনহাতে বুধবাৰৰ বৈঠকত ৩ তালাক বিধেয়ক সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। চৰকাৰৰ কেইবাখনো নতুন আঁচনি প্ৰস্তুত আৰু প্ৰচাৰৰ সন্দৰ্ভতো বুধবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগা বৈঠকত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইফালে চৰকাৰ গঠনৰ এমাহ নৌহওঁতেই এনডিএনৰ দুই সহযোগী দল শিৱসেনা আৰু জনতা দল ইউনাইটেড বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট হৈ থকা বুলি চৰ্চা চলিছে। মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদক লৈ বিজেপি আৰু শিৱসেনাৰ মাজত মতবিৰোধ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে। আনহতে কেন্দ্ৰীয় মন্ত্ৰীসভাত ৩ সাংসদক স্থান প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ এনডিএ সহযোগী দল জেডিইউৱে বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট হৈ থকা বুলি খবৰ প্ৰচাৰ হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি