মোডীৰ মন্ত্ৰীসভাত কোনে পাব কি পদঃ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ হ’ব পাৰে গৃহমন্ত্ৰী…

মোডীৰ মন্ত্ৰীসভাত কোনে পাব কি পদঃ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ হ’ব পাৰে গৃহমন্ত্ৰী…

ডিজিটেল ডেস্কঃ বিজেপিয়ে দ্বিতীয় বাৰৰ বাবে ঐতিহাসিক বিজয় লাভ কৰাৰ পিছতে আগন্তুক এসপ্তাহৰ ভিতৰত নৰেন্দ্ৰ মোডীয়ে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে। তাৰ মাজতে বিজেপিৰ এই দ্বিতীয় কাৰ্যকালত মোডী মন্ত্ৰীসভাত কোনে কি পদ লাভ কৰিব তাক লৈও চৰ্চা চলিছে। বিশেষকৈ বিজেপিৰ এই বৃহৎ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে এইবাৰ মোডী মন্ত্ৰীসভাত প্ৰৱেশ কৰিব বুলি চৰ্চা চলিছে।

বিজনেছ ষ্টেণ্ডাৰ্ডে এক সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰা বাতৰি মতে, অমিত শ্বাহে এইবাৰ সুৰক্ষা সম্পৰ্কীয় মন্ত্ৰীমণ্ডলীয় সমিতি অৰ্থাৎ চিচিএছত স্থান লাভ কৰা হৈছে। চিচিএছত প্ৰধানমন্ত্ৰীৰ উপৰিও গৃহ, বিদেশ, প্ৰতিৰক্ষা আৰু বিত্ত বিভাগৰ ৪ শীৰ্ষ মন্ত্ৰী অন্তৰ্ভূক্ত হৈছে। বিজেপিৰ দ্বিতীয় কাৰ্যকালত অমিত শ্বাহে এই ৪ বিভাগৰ কোনো এক পদত অধিষ্ঠিত হ'ব পাৰে।'

উল্লেখ্য যে, নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অমিত শ্বাহ মোডী মন্ত্ৰীসভাৰ গৃহ মন্ত্ৰীৰ দায়িত্বত আছিল। সেই অনুপাতে এতিয়াও শ্বাহক একে পদ প্ৰদান কৰা হ'ব পাৰে বুলিও বিভিন্ন জনে মত প্ৰকাশ কৰিছে। কিন্তু বৰ্তমানৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌ সমষ্টিৰ পৰা জয়লাভ কৰাৰ পিছত জ্যেষ্ঠ নেতাগৰাকীৰ পদটো সুৰক্ষিত ৰখা হ'ব নে নাইও চৰ্চিত হৈ পৰিছে। কিয়নো ৰাজনাথ সিং বিজেপিৰ এগৰাকী অন্যতম জ্যেষ্ঠ নেতা হিচাপে পৰিচিত।

আনহাতে ৰাফেল চুক্তিৰ দৰে গুৰুতৰ কেলেংকাৰীৰ মাজতো অতি সফলতাৰে মন্ত্ৰণালয় চম্ভালা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণক পুনৰ এবাৰ এই পদ প্ৰদান কৰা হ'ব নে নাই তাক লৈও চলিছে চৰ্চা। লগতে বিজেপিৰ বাবে সংকটমোচনৰ ভূমিকা গ্ৰহণ কৰা বৰ্তমানৰ ৰেল মন্ত্ৰী পীয়ুষ গোৱেলক এইবাৰ এক মহত্বপূৰ্ণ মন্ত্ৰণালয় প্ৰদান কৰাৰ সম্ভাৱনাও নথকা নহয়।

আনফালে বৰ্তমানৰ বিত্ত মন্ত্ৰী অৰুণ জেটলী স্বাস্থ্যজনিত কাৰণত দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিজেপিৰ মুখ্যকাৰ্যালয়ত অনুষ্ঠিত বিজয় উৎসৱত অংশ ল'ব নোৱাৰিলে। তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ তেওঁৰ অধীনৰ বিত্ত মন্ত্ৰণালয়খন অন্য এজনক প্ৰদান কৰাৰ সম্ভাৱনাই অধিক।

অন্যহাতে বৰ্তমানৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ২০১৯ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ বৰ্তমান ৰাজ্যসভা অথবা লোকসভা কোনো সদনৰে সদস্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ অধীনৰ এই বিভাগটো এইবাৰ অন্য এজনে লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ইফালে বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে এইবাৰ আমেথিত ৰাহুল গান্ধীৰ বিৰুদ্ধে লাভ কৰা বিজয়ৰ পুৰস্কাৰ স্বৰূপে এক গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। ইয়াৰোপৰিও আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে দীৰ্ঘসময় ধৰি ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ অন্তত প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছে। এনে পৰিস্থিতিত তেওঁৰ অধীনৰ বিভাগটো দ্বিতীয় কাৰ্যকালতো লাভ কৰিব বুলি আশা কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in