ফাইল ফটো
ফাইল ফটো

বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ সোমবাৰে উদয়পুৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এক বিশাল নিৰ্বাচনী সভাত অংশ লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেওঁ দেশৰ ধন লুটি বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰা লোকসকলক সকীয়নি দিয়ে। লগতে তেওঁ কয়- 'আপোনালোকৰ সহযোগত বিজেপি-এনডিএ-য়ে দেখুৱাই দিছে যে ভাৰতত এখন নিকা চৰকাৰ চলোৱাটো সম্ভৱ। আপোনালোকৰ সমৰ্থনতেই সমগ্ৰ দেশত ভ্ৰষ্টাচাৰ বিৰোধী এক নীতি স্তাপিত হৈছে।'

প্ৰধানমন্ত্ৰী মোডীয়ে উদয়পুৰত লগতে কয়- 'যদি কোনোবাই বেংকৰ টকা উভতাই নিদিয়ে তেন্তে তেওঁলোক শান্তিত শুব নোৱাৰিব। আৰু যদি কোনোবাই ধন লুন্ঠন কৰি দেশৰ পৰা পলাবলৈ চেষ্টা কৰে, তেন্তে পলোৱাটো অসম্ভৱ হ'ব। আৰু যদি কোনোবা পলাই যায়, তেন্তে উভতি আহিবলৈ বাধ্য হ'ব আৰু যদি নাহে তেন্তে ধৰি বান্ধি লৈ অহা হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in