কোৰোনা ভাইৰাছঃ দেশবাসীক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কি ক’লে প্ৰধানমন্ত্ৰীয়ে, সবিশেষ…

কোৰোনা ভাইৰাছঃ দেশবাসীক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কি ক’লে প্ৰধানমন্ত্ৰীয়ে, সবিশেষ…

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধি দিয়া বক্তব্য

সমূহ দেশবাসীলৈ নমস্কাৰ, সমগ্ৰ বিশ্বতে বিয়পি পৰা এই গোলকীয় মহামাৰীক প্ৰত্যাহ্বান জনোৱাৰ বাবে ভাৰতবাসীৰ হাতত এটাই উপায় আছে আৰু সেয়া হ'ল সংযম৷ নাগৰিকসকলক ভাইৰাছবিধৰ দ্ৰুত বিস্তৃতি ৰোধ কৰিবলৈ কিছু বিশেষ পদক্ষেপ পালন কৰিব লাগিব৷ মহামাৰীবিধক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে সজাগ আৰু সক্ৰিয় হৈ থাকক।

যেতিয়া আমি সুস্থ হৈ থাকিম, তেতিয়া সমগ্ৰ বিশ্বই সুস্থ হৈ থাকিব' এই মন্ত্ৰশাৰী মনত ৰাখক৷ 'সামাজিক দূৰত্ব'ৰ দৰে গুৰুত্বপূৰ্ণ স্ব-সংযমতা পালন কৰক৷ নাগৰিকসকলে প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰ নহ'ব৷ নাগৰিকসকলে ঘৰৰ পৰা বাহিৰত কাম কৰা আৰু অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰক৷ আগন্তুক কেই সপ্তাহমানৰ বাবে ৬০ বয়সৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ পৰা বাহিৰ নহ'বলৈ আহ্বান জনাইছো৷ চিকিৎসালয়ত উদ্ভৱ হোৱা ব্যস্ততাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেককে এই সময়ছোৱাত নিয়মীয়া পৰীক্ষণ বাতিল কৰাৰ লগতে সম্ভৱস্থলত অস্ত্ৰোপচাৰৰ তাৰিখ সম্প্ৰসাৰিত কৰিবলৈ অনুৰোধ জনালো।

২২ মাৰ্চ ২০২০ তাৰিখে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ 'জনতা কাৰ্ফিউ' সমগ্ৰে দেশবাসীয়ে পালন কৰক, য'ত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে যাতে কোনো বাহিৰলৈ ওলাবলগীয়া নহয়৷ এই ধৰণৰ অনুশীলনৰ জৰিয়তে জনসাধাৰণে আগন্তুক সময়ৰ প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰিব৷ তাৰোপৰি ২২ মাৰ্চৰ এই প্ৰয়াসৰ দ্বাৰা দেশৰ স্বাৰ্থৰ খাতিৰত আমাৰ আত্মসংযমৰ সিদ্ধান্তও প্ৰতিফলিত হ'ব।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক নেতৃত্ব গ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এনচিচি, এনএছএছ, সাধাৰণ সমাজকে ধৰি সকলো যুৱ সংগঠনক জনসাধাৰণৰ মাজত এই 'জনতা কাৰ্ফিউ'ৰ বিষয়ে সজাগতা প্ৰদান কৰিব লাগিব৷ প্ৰত্যেকে অতিকমেও দহজন লোকক ফোনেৰে নিজকে কাৰ্ফিউৰ সৈতে জড়িত কৰাৰ বাবে অনুৰোধ জনালো।

চিকিৎসা কৰ্মী, আৰক্ষী, চৰকাৰী কৰ্মচাৰী, বিমানবন্দৰৰ কৰ্মচাৰী, সংবাদ মাধ্যমৰ লোক, বাছ/ৰে'ল/অটো চালক আদিৰ লগতে হোম ডেলিভাৰী সেৱা প্ৰদান কৰা লোকসকলৰ দৰে এচাম সাহসী লোকে অহৰহ এই ক'ভিড ১৯ বা কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। দেশৰ এনে এক সংকটকালীন মুহুৰ্ত্তত এনে সেৱা আগবঢ়াই অহা লোকসকললৈ কৃতজ্ঞতা তথা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অহা ২২ মাৰ্চ তাৰিখে সন্ধিয়া ৫ বজাত দেশৰ প্ৰতিগৰাকী লোকেই নিজ নিজ ঘৰৰ বেলকনি বা দুৱাৰমুখত থিয় হৈ পাচ মিনিট সময়ৰ বাবে ৰিং বেল বা হাত চাপৰি বজাই তেওঁলোকক কৃতজ্ঞতা জনাওঁক, ধন্যবাদ জনাওঁক বা প্ৰসংশা কৰক। লগতে সমগ্ৰ দেশৰে ৰাজ্য চৰকাৰসমূহক সন্ধিয়া ৫ বজাৰ লগে লগে এই কাৰ্যৰ সোঁৱৰণৰ বাবে এক চাইৰেন বজাবলৈও অনুৰোধ জনাইছো।

সমগ্ৰ দেশতে সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধীনত এক 'ক'ভিড-১৯ অৰ্থনৈতিক সাহায্যৰ টাস্ক ফ'ৰ্চ' গঠন কৰাৰ কথা চিন্তা-চৰ্চা কৰিছো। এই টাস্ক ফ'ৰ্চটোৱে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰিব, তেওঁলোকৰ মতামত ল'ব, সামগ্ৰিক প্ৰেক্ষাপটৰ বুজ ল'ব আৰু এইবোৰ তথ্যৰ ভিত্তিতে ইতিমধ্যেই উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ যাৱতীয় সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব। এই টাস্ক ফ'ৰ্চে সংশ্লিষ্ট প্ৰত্যাহ্বানবোৰ নাইকিয়া কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাটোও সুনিশ্চিত কৰিব।

ব্যৱসায়ী সমাজ আৰু উচ্চ আয়ৰ লোকসকলক আহ্বান জনাইছো তেওঁলোকে যেন বিভিন্ন সেৱা গ্ৰহণ কৰা নিম্ন আয়ৰ লোকসকলৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ দিশবোৰলৈ সুদৃষ্টি ৰাখে বা প্ৰয়োজনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। এইকেইটা দিনত কৰ্মক্ষেত্ৰলৈ আহিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত সেৱা আগবঢ়াব নোৱাৰাৰ বাবে দৰমহা কৰ্তন নকৰিবলৈও আহ্বান জনাইছো। এনে এক বিপদসংকুল সময়ত মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে আগবঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰক।

তেওঁ লগতে দেশবাসীক নিশ্চয়তা প্ৰদান কৰিছো যে- খাদ্য, গাখীৰ, ঔষধ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কোনোধৰণৰ নাটনিৰ সৃষ্টি নহয়। গতিকে ভয়াৰ্ত হৈ সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ বাবেও দেশবাসীক আহ্বান জনাইছো। ক'ভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ দেশবাসীক একত্ৰিত হৈ কাম কৰিব লাগিব। দেশবাসী কোনোধৰণৰ ভুৱা বা মিছা তথ্যত পতিয়ন নাযাব। এনে এক বিশ্ব স্তৰত চলি থকা মহামাৰীৰ সময়ত এটা গুৰুত্বপূৰ্ণ দিশ নিশ্চিত কৰিব লাগে, সেয়া হৈছে 'মানৱীয়তাৰ জয়েই ভাৰতৰ জয়'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in