নৃত্য, অভিনয়, মডেলিঙৰ গ্ৰীষ্মকালীন ৭ দিনীয়া কৰ্মশালা…

নৃত্য, অভিনয়, মডেলিঙৰ গ্ৰীষ্মকালীন ৭ দিনীয়া কৰ্মশালা…

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী 'লাইট, কেমেৰা, একচন'ৰ উদ্যোগত তথা শিৱসাগৰৰ ৰাইজৰ সহযোগত অহা ২০ জুলাই তাৰিখৰ পৰা ৭ দিনীয়া এখনি নৃত্য, অভিনয় আৰু মডেলিঙৰ কৰ্মশালা আয়োজন কৰা হৈছে।

উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাবে উপস্থিত থাকিব আশীৰ্বাদ থিয়েটাৰ (২০১১-১২বৰ্ষ), ভাগ্যদেৱী থিয়েটাৰ (২০১৭-১৮বৰ্ষ)ৰ মঞ্চত অভিনয়ৰে খলকনি তুলা, ইয়াৰ উপৰিও জনপ্ৰিয় ধাৰাবাহিক বিধাতা, নন্দিনী, ভাৰাঘৰ,জোনালী এল.এল.বি ,অচিন চিনাকী,শাহু বোৱাৰী,উমাল বুকুৰ হেজাৰ কাহিনী,আদিৰ জনপ্ৰিয় অভিনেত্ৰী,তথা কেইবাখনো অসমীয়া বোলছবিৰ সফল অভিনেত্ৰী,লগতে প্ৰাগ চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক " বিশ্বৰ আজব খবৰ "ৰ আঁত ধৰোতা মোহময়ী অভিনেত্ৰী গায়ত্ৰী বৰাই।

ইচ্ছুক অংশগ্ৰহণকাৰী সকলক তলত উল্লেখিত নাম্বাৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
কৰ্মশালাত অংগ্ৰহণকাৰী সকলক, প্ৰশংসা পত্ৰ প্ৰদানৰ উপৰিও লাইট কেমেৰা একচনৰ বেনাৰত নিৰ্মিত বিভিন্ন ভিডিঅত প্ৰত্যককে একোটাকৈ ভিডিঅ ত সুবিধা প্ৰদান কৰা হব । যোগাযোগ নম্বৰ কেইটা ক্ৰমে- ৮০১১৪৯৬৭১৮ আৰু ৭০০২০৩৭৯৫০।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in