শাৰীৰিক সম্পৰ্ক নিবিচৰা বাবেই হত্যা মডেল মানসীক

শাৰীৰিক সম্পৰ্ক নিবিচৰা বাবেই হত্যা মডেল মানসীক

ডিজিটেল ডেস্কঃ মডেল মানসী হত্যাকাণ্ডই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ হত্যাকাণ্ড সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে অস্বীকাৰ কৰা বাবেই হত্যাৰ বলি হৈছিল মডেল মানসী৷

উল্লেখ্য যে, ৰাজস্থানৰ পৰা মায়ানগৰী মুম্বাইলৈ অভিনেত্ৰী হোৱাৰ সপোন লৈ অহা মানসী দিক্ষীত নামৰ মডেলগৰাকীৰ মৃতেদেহ এটা ট্ৰেভেল বেগৰ ভিতৰত সোমবাৰে মুম্বাইৰ মালাডৰ সমীপৰ জংঘলৰ পৰা উদ্ধাৰ হয়৷ ইয়াৰ পিছতে এজন কেব ড্ৰাইভাৰৰ চাক্ষুস স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আনুসন্ধান চলাই মুজাম্মিল চৈয়দ নামৰ এজন যুৱকক আটক কৰে৷

জানিব পৰা মতে, অভিনেত্ৰী হোৱাৰ সপোন লৈ ৰাজস্থানৰ পৰা মুম্বাইলৈ অহা মানসী দিক্ষীতৰ ইন্টাৰনেটৰ জৰিয়তে মুজাম্মিল চৈয়দ নামৰ যুৱকজনৰ সৈতে পৰিচয় ঘটে৷ ইয়াৰ পিছতে মুজাম্মিলে মানসীক অন্ধেৰীস্থিত তাৰ ফ্লেটত লগ কৰাৰ বাবে প্ৰস্তাৱ দিয়ে৷ মানসীয়েও বন্ধুত্বৰ খাতিৰত মুজাম্মিলক লগ কৰিবলৈ মান্তি হয়৷

কিন্তু ইয়াৰ পিছতে সোমবাৰে মালাডৰ সমীপত এটা ট্ৰেভেল বেগৰ ভিতৰত উদ্ধাৰ হয় মানসীৰ মৃতদেহ৷ ইফালে, মুজাম্মিল নামৰ যুৱকজনে মালাডলৈ যোৱাৰ বাবে বুক কৰা কেবৰ ড্ৰাইভাৰজনে মুজাম্মিলক জংঘলৰ মাজত ট্ৰেভেল বেগ এটা পেলাই ৰিক্সাত উঠি পলায়ন কৰা প্ৰত্যক্ষ কৰি ঘটনাত ৰসস্যৰ গোন্ধ পাই আৰক্ষীক খবৰ দিয়ে৷

পিছত আৰক্ষীয়ে জংঘলৰ মাজৰ পৰা মডেল মানসীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতে চিচিটিভিৰ সহায়ত অনুসৰণ কৰি অভিযুক্ত মুজাম্মিল চৈয়দক আটক কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পিছতে ঘটনাৰ প্ৰকৃত ৰসহ্য উদঘাটন হয়৷ অভিযুক্ত মুজাম্মিলে আৰক্ষীৰ আগত স্বীকাৰ কৰা অনুসৰি, মানসীয়ে তাক লগ কৰাৰ পিছত সি মডেলগৰাকীক শাৰিৰীক সম্বন্ধ স্থাপনৰ প্ৰস্তাৱ দিয়ে৷ কিন্তু মানসীয়ে সেই প্ৰস্তাৱ অস্বীকাৰ কৰাত খঙতে অভিযুক্তই এখন টুলেৰে মানসীৰ মূৰত আঘাত কৰে৷ যাৰ ফলত মডেলগৰাকীৰ মৃত্যু ঘটে৷

ইফালে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ আৰু ২০১ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ অহা মঙলবাৰে অভিযুক্ত মুজাম্মিলক মালাডৰ স্থানীয় আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in