মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক

মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মডেল বিটিচিৰ জৰাজীৰ্ণ পথে যমৰ যন্ত্ৰণা ভোগাইছে জনসাধাৰণক। কোকৰাঝাৰ সদৰ চহৰৰ পৰা ফুটকিবাৰীলৈ ১৫ কিলোমিটাৰ দূৰত্বৰ গড়কাপ্তানি পথছোৱা ভাঙি-ছিগি গৈ পুখুৰীসদৃশ গাত হৈ পৰাত জনসাধাৰণে নৰক যন্ত্ৰণা ভূগিছে।

বিলাসীপাৰা, ধুবুৰী তথা ৰাষ্ট্ৰীয় ঘাইপথ ৩১নং(বি) সংযোগী উক্ত পথছোৱাৰ পুণৰ নিৰ্মাণৰ বাবে ইতিপূৰ্বে কেবাবাৰো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও প্ৰশাসন-চৰকাৰৰ কোনোধৰণৰ সাৰসিকতি নোহোৱাত মঙলবাৰে এবিএমছুৰ উদ্যোগত ভোটগাঁৱত পুণৰ ২ ঘন্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত পথৰ ওপৰত জাল মাৰি এবিএমছুৱে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলাম উপস্থিত থাকি মডেল বিটিচিৰ নগ্ন স্বৰূপ উদঙাই দি বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক ক্ষুৰাধাৰ সমালোচনা কৰে।

আগন্তুক বিটিচি নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ সদৰ চহৰৰ পৰা ফুটকিবাৰী গড়কাপ্তানি পথছোৱা পুণৰ নিৰ্মাণ নহলে অঞ্চলটোৰ ৰাইজে বিটিচি নিৰ্বাচনত ভোটদান বৰ্জন কৰিব বুলি সদৰি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in