ম’বাইলে কাঢ়িলে বৃদ্ধৰ প্ৰাণ!

ম’বাইলে কাঢ়িলে বৃদ্ধৰ প্ৰাণ!

ডিজিটেল ডেস্কঃ আপুনিও নিশ্চয় ম'বাইল ম'বাইল অবিহনে আপোনাৰ জীৱনটো কল্পনাই কৰিব নোৱাৰে। দৈনিক যিকোনো সৰু-ডাঙৰ কামৰ বাবে আপুনি হয়তো ব্যৱহাৰ কৰে এই ম'বাইল। বৰ্তমান সময়ত প্ৰায় সকলোৱেই ব্যৱহাৰ কৰে ম'বাইল। কথা পতাৰ পৰা, অনলাইন বিলৰ ধন জমা দিয়া, নতুন চাকৰি, ড্ৰাইভিং লাইছেন্স সকলোৰে বাবে বৰ্তমান প্ৰয়োজন এটা ম'বাইলৰ। কিন্তু এই অত্যাৱশ্যকীয় ম'বাইলটোৱেও কাঢ়ি নিব পাৰে আপোনাৰ প্ৰাণ। ৰাজস্থানত সংঘটিত হৈছে তেনেই এক ঘটনা।

বৃহস্পতিবাৰে ৰাজস্থানৰ ৰাজচহৰৰ কোটৱাল থানাৰ সমীপত সংঘটিত হৈছে ম'বাইল বিস্ফোৰণৰ ঘটনা। এই ঘটনাত মৃত্যুক সাৱটিবলগীয়া হয় এজন বৃদ্ধই। ঘটনাৰ বিৱৰণী অনুসৰি, জেপত ভৰাই থোৱা সময়তে বৃদ্ধজনৰ ম'বাইলত সংঘটিত হৈছিল এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত লোকজনে পৰিধান কৰা কাপোৰতো জুই লাগে। ফলত অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে বৃদ্ধজন।

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে আৰু বৃদ্ধি লোকজনৰ মৃতেদহ পৰিয়ালৰ লোকক চমজাই দিয়ে। আৰক্ষীয়ে জনোৱা মতে, ৬০ বছৰীয়া নন্দসিং নামৰ বৃদ্ধজনে নিশা বাৰান্দাত থিয় হৈ থকা সময়তে সংঘটিত হৈছিল এই ঘটনা। আৰু কাপোৰত জুই লগাৰ বাবে লোকজন সম্পূৰ্ণ অগ্নিদগ্ধ হয় আৰু মৃত্যুৰ মখত পৰে।

আনহাতে, এই ঘটনাক লৈ মৃত লোকজনৰ পৰিয়ালে ক্ষোভ ব্যক্ত কৰিছে। ৰাজ্য চৰকাৰে ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱা ৰিলায়েঞ্চ জিঅ' ম'বাইলত হোৱা এনে বিস্ফোৰণৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে বুলিও প্ৰশ্ন পৰিয়ালৰ লোকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in