শিশু চুৰিৰ অভিযোগত ২ মহিলাক গণপ্ৰহাৰ, ভাইৰেল VIDEO

শিশু চুৰিৰ অভিযোগত ২ মহিলাক গণপ্ৰহাৰ, ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ দিল্লীৰ অখলী এলেকাৰ সঞ্জয় কলনীত শিশু চুৰিৰ অভিযোগত দুগৰাকী মহিলাক একাংশ লোকে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাৰ ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখিবলৈ পোৱা মতে মহিলা দুগৰাকীয়ে নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰে যদিও উত্তেজিত একাংশ লোকে মহিলা দুগৰাকীৰ ওপৰত চৰ, ভুকু শোধোৱা পৰিলক্ষিত হয়।

অভিযোগ অনুসৰি, স্থানীয় এজন যুৱকে মহিলা দুগৰাকীক এটি আঢ়ৈ বছৰীয়া শিশু চুৰি কৰাৰ চেষ্টা চলোৱাৰ সময়তে হাতে লোটে ধৰা পেলায়। তাৰ পিছতে স্থানীয় লোকে মহিলা দুগৰাকীক বেঢ়ি ধৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ইফালে ৰিংকু নামৰ এগৰাকী স্থানীয় মহিলাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলা দুগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে আটক কৰা মহিলা দুগৰাকীৰ নাম ৰেহানা আৰু চকীনা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in