আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ…

আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা সমষ্টিৰ সুহৃদ আচনিৰ বিধায়ক পুজিৰ ধন আত্মসাত কৰাৰ অভিযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমিতিয়ে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই সমষ্টিত হৈ-চৈৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেশষ্টা তথা গুৱহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমানৰ লগতে সমষ্টিটোৰ টুমনি অঞ্চলৰ ৰেহেনা পাৰভিন, ফিৰদৌছ আলী আৰু হাছনা খাতুন নামৰ হিতাধিকাৰী কেইজনে কংগ্ৰেছী বিধায়ক ওৱাজেদ আলীৰ বিৰুদ্ধে যোৱা ১০ অক্টোবৰ তাৰিখে এজাহাৰ দাখিল কৰে।

এজাহাৰ খনত উল্লেখ কৰা মতে ২০১৬-১৭, ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ ধন চৰকাৰৰ সুহৃদ আঁচনিৰ জৰিয়তে শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰী যোগান দিয়া ধন বিধায়ক গৰাকীয়ে আত্মসাত কৰিছে। চৰকাৰে প্ৰতিগৰাকী বিধায়কক বছৰি প্ৰায় ৫০ লাখ টকা উক্ত আচনিৰ নামত আৱণ্টন দিয়ে।

তাৰ পৰা হিতাধিকাৰী নিৰ্বাচন কৰি ৫০০০ ৰ পৰা ২০ হেজাৰ কৈ প্ৰতিজন হিতাধিকাৰীক আৰ্থিক সাহায্যৰ নামত চৰকাৰে আবন্টন দিব লাগে। কিন্তু আৱণ্টিত ধন বিধায়ক গৰাকী আত্মসাত কৰাৰ অভিযোগ তুলি ইয়াৰ এক কঠোৰ তদন্তৰ বাবে দক্ষিণ শালমাৰা থানাত ৪০৬/৪০৯/৪২০/ ধাৰাৰ অধীনত ৩১০/১৯ নম্বৰত এখন এজাহাৰ দাখিল কৰা হয় ৷

ইফালে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে তেওঁৰ একাংশ সাঙু-পাঙু তথা কৰ্মী সকলৰ দ্বাৰা হিতাধিকাৰীৰ বৃহৎ পৰিমাণৰ ধন গোপন ভাবে হৰলুকি কৰিছে বুলি গুৰুতৰ অভিযোগ তুলি তদন্তৰ বাবে দাবী জনায় একাংশ হিতাধিকাৰীৰ লগতে দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আনিছুৰ ৰহমানে। একেদৰে এই আঁচনিৰ ধন আত্মসাত কৰাৰ আৰত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ একাংশ বিষয়া কৰ্মচাৰী আৰু বেংকৰ অধীনত থকা গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধেও গোচৰ তৰে হিতাধিকাৰীয়ে।

হিতাধিকাৰীৰ অভিযোগ তেওলোকৰ নামত এই আচনিৰ ক্ষেত্ৰত ঠিকেই বাছনি কৰা হৈছে অথচ তেওলোকে আজিলৈ এটকাও পোৱা নাই। এনেকি হিতাধিকাৰী সকলৰ নামত বিধায়ক গৰাকীৰ একাংশ নেতা-পালিনেতাই ভুৱা একাউণ্ট খুলি হিতাধিকাৰীৰ ধন আত্মসাত কৰা বুলিও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। উক্ত অভিযোগক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু হিতাধিকাৰীয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আনহাতে এই তদন্ত প্ৰকৃয়া চলি থকাৰ মাজতেই এজাহাৰ দাখিল কৰা হিতাধিকাৰীক কংগ্ৰেছৰ একাংশ নেতা-পালিনেতাই বিভিন্ন ধৰনৰ ভয় ভাবুকি তথা প্ৰলোভন দি আৰক্ষীৰ ওচৰত মিছা শাক্ষী দিবলৈ বিভিন্ন ফালৰ পৰা হেচা প্ৰয়োগ কৰাৰ অভিযোগ আজি কৃষক মুক্ত সংগ্ৰাম সমিতিৰ জিলা উপদেষ্টা গৰাকীয়ে পুনৰ অভিযোগ তুলি আজি পুনৰ দক্ষিণ শালমাৰা থানাত এজাহাৰ দাখিল কৰিছে।

একেদৰে জিলা সমিতিৰ উপদেষ্টা গৰাকীৰ ভাতৃয়ে ঠিকাদাৰ হিচাপে বিভিন্ন ঠাইত বিভিন্ন বাট-পথৰ কাম কৰি অহাত তেওঁৰ কামৰ ক্ষেত্ৰতো কংগ্ৰেছী নেতা-পালিনেতাই হাৰাশাস্তি দিয়াৰ অভিযোগ উঠিছে।

ইফালে এই সমগ্ৰ ঘটনাক লৈ দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছ কমিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৱা ১৩ অক্টোবৰ তাৰিখে দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা মমিনুল ৰহমান প্ৰধানী। প্ৰধানীয়ে সংবাদ মেলত দাবী কৰে যে বিধায়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তোলা অভিযোগ সম্পূৰ্ণ মিছা আৰু ভুৱা।

ইয়াৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা এজাহাৰকাৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব বুলিও সংবাদমেলত প্ৰকাশ কৰে। এতিয়া আৰক্ষীৰ তদন্তৰ পাছত প্ৰকৃততে বিধায়ক গৰাকীয়ে জিলা প্ৰশাসন আৰু কংগ্ৰেছীৰ দ্বাৰা উক্ত আচনিৰ ধন আত্মসাত কৰিছে নে বিধায়ক গৰাকীৰ বিৰুদ্ধে মিছা অভিযোগ তোলা হৈছে সেয়া পোহৰলৈ আহিব। স্থানীয় ৰাইজে ঘটনাক লৈ ন্যায়িক তদন্তৰ দাবী তুলিছে। এই ঘটনাত যিয়ে দোষী সাব্যস্ত হয় তাক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in