বটদ্ৰৱা থানত উপস্থিত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক তথা বিশিষ্ট সাহিত্যিক ড° নন্দসিং বৰকলা…

বটদ্ৰৱা থানত উপস্থিত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক তথা বিশিষ্ট সাহিত্যিক ড° নন্দসিং বৰকলা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক তথা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক ড° নন্দসিং বৰকলাই বুধবাৰে জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ জন্মস্থান বটদ্ৰৱা থান দৰ্শন কৰে। পূৰ্বনিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া সময়ত আহি বটদ্ৰৱা থানত উপস্থিত হৈ জাতীয় সাজ পৰিধান কৰি কীৰ্ত্তন ঘৰত সেৱা জনাই তীৰ্থযাত্ৰীৰ লগত কলপাতত প্ৰসাদ গ্ৰহন কৰে।

পাছত শিলিখা বৃক্ষ, আকাশী গংগা, হাটী পুখুৰী, পদশিলা দৰ্শনৰ অন্তত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই থানৰ কাৰ্যালয়ত মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক তথা বিশিষ্ট কবি সাহিত্যিক ড° নন্দসিং বৰকলাক গামোচা, থানৰ দৈনিক পঞ্জী আৰু গ্ৰন্থৰে আদৰনি জনায়।

আদৰণf গ্ৰহণ কৰি মৰিগাওঁৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰি কয় "মই গুৰুজনাৰ একান্ত সেৱক। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ মই এক অনাবিল আনন্দ লাভ কৰো। বটদ্ৰৱা অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ নাভিকেন্দ-জাতিৰ মণিকূট । ব

টদ্ৰৱাক চৰকাৰ তথা আমি সমূহ অসমবাসীয়ে সহযোগ আৰু পৃষ্ঠপোষকতাৰ মাজেৰে গুৰুত্ব আৰোপ কৰিলে ই এক বিশ্বমানৰ ধৰ্মীয় তথা সাংস্কৃতিক পৰ্য্যটন সম্ভাৱনীয় ক্ষেত্ৰ হৈ পৰিব। মৰিগাওঁৰ আৰক্ষী অধীক্ষক ড° বৰকলাৰ বটদ্ৰৱা দৰ্শন কালত তেওঁৰ পত্নী অসম সমবায় বিভাগৰ পঞ্জীয়ক কবিতা ৰাণী দাসেও সংগ দিয়ে। আৰক্ষী প্ৰশাসনৰ অন্যতম দক্ষ তথা মৰিগাওঁৰ আৰক্ষী অধীক্ষক বিশিষ্ট সাহিত্যিক ড° নন্দসিং বৰকলাক আজি বটদ্ৰৱা প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ হৈ কন্দৰ্প কুমাৰ কলিতাই গ্ৰন্থৰে আদৰণি জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in