অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী…

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী…

ডিজিটেল সংবাদ, তিতাবৰঃ যোৱা ২০ এপ্ৰিলৰ নিশা লাকুৱাৰ তৈলক্ষেত্ৰৰপৰা অপহৃত বৰহোলাৰ ৰিতুল শইকীয়াৰ ২২ দিনেও কোনো সন্ধান নোলাল। বুধবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ তেওঁলোকৰ অৱস্থাৰ বুজ লয় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা।

ৰিতুল শইকীয়াক সুস্থ শৰীৰে পৰিয়ালৰ ওচৰত গতাই দিয়াতো আলফা আৰু চৰকাৰৰ নৈতিক দায়িত্ব বুলি উল্লেখ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়- যদি পৰেশ বৰুৱাই বিবৃতি দিয়া ধৰণে তিনিওজনকে এৰি দিছিল তেতিয়াহ'লে ৰিতুল শইকীয়া ক'ত হেৰাল? আলফাই এৰি দিয়া ঠাইত পৰেশ বৰৱাই নিজে মানুহ পঠিয়াই ৰিতুল শইকীয়াৰ সন্ধান দিয়ক।

পৰেশ বৰুৱাক হত্যা-হিংসাৰ পথ পৰিহাৰ কৰি ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত মুলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান। যদি প্ৰয়োজন হয় ৰূপজ্যোতি কুৰ্মীয়ে আলফা আৰু চৰকাৰৰ মধ্যস্থতাকাৰী হ'বলৈ সাজু হ'ব বুলি  মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। ৰিতুল শইকীয়া উদ্ধাৰ নোহোৱা পৰ্যন্ত পৰিয়ালটোক চৰকাৰী আৰ্থিক সাহাৰ্য দিয়াৰ বাবেও চৰকাৰক আহ্বান বিধায়ক গৰাকীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in