‘বাহুবলী’ৰ ৰূপত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী! হাতৰ হেঁচাত খহি পৰিল চিকিৎসালয়ৰ কোটিটকীয়া পকীবেৰ…

‘বাহুবলী’ৰ ৰূপত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী! হাতৰ হেঁচাত খহি পৰিল চিকিৎসালয়ৰ কোটিটকীয়া পকীবেৰ…

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ জনপ্ৰিয় চিনেমা 'বাহুবলী' ৰ নায়কৰ ৰূপ লৈছে। বিতৰ্কিত কৰ্মকাণ্ডৰে প্ৰায়ে চৰ্চাত থকা বিধায়ক গৰাকীক এইবাৰ বাহুবলীৰ ৰূপত দেখিবলৈ পোৱা গ'ল মৰিয়নীৰ নাগিনীজান চাহ বাগিছাত। উল্লেখ্য যে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ১ কোটি ৩০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা নাগিনীজান বাগিছা চিকিৎসালয়খন নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নৱ নিৰ্মিত চিকিৎসালয়খনৰ পৰিদৰ্শন কৰিবলৈ যায়। কিন্ত চিকিৎসালয়খনৰ নিৰ্মা্ণ কাৰ্য ইমানেই নিম্ন মানৰ যে, ৰূপজ্যোতি কুৰ্মীয়ে হাতেৰে সামান্য হেঁচা দিওঁতেই একো একোখন পকী দেৱাল তাছ পাতৰ ঘৰৰ দৰে খহি পৰে।

আনহাতে ভৱনটোৰ বহু দেৱাল বহি যোৱাও দেখা গ'ল। চিকিৎসালয় খনৰ নিম্ন মানৰ নিৰ্মা্ণ কাৰ্য দেখি হতভম্ব হৈ পৰে বিধায়ক গৰাকী। বিধায়ক গৰাকীয়ে কয় যে, মৰিয়নীৰ এজন বিজেপি নেতাই ঠিকাদাৰ আৰু ইঞ্জিনীয়াৰ্ৰ পৰা বৃহৎ পৰিমাণৰ কমিছন লোৱা বাবেই চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হৈছে। বিধায়কগৰাকীয়ে ৰাইজৰ টকাৰে নিৰ্মিত চিকিৎসালয়খনৰ কাম ভাল হ'ব লাগিব বুলিও সকীয়াই দিয়ে।

আনহাতে চিকিৎসালয়খনৰ নিৰ্মা্ণ কাৰ্যত সংঘটিত দুৰ্নীতি-অনিয়ম কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছা। আছাৰ যোৰহাট জিলা সমতিৰ উপসভাপতি ৰিবু নায়কে শীঘ্ৰে দোষী ঠিকাদাৰ অভিযন্তাক গ্ৰেপ্তাৰৰ কৰাৰ দাবী জনোৱা্ৰ লগতে পুনৰ উন্নত মানদণ্ডৰে চিকিৎসালয়খন নিৰ্মাণৰ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in