শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

বিধায়ক ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাঃ নগঁঞা ৰাইজে শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…

ডিজিটেল সংবাদ নগাঁও: মুখ্যমন্ত্ৰী ডা০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে নগাঁৱৰ ৰাইজ আৰু সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়ক ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ পদ মৰ্যদা প্ৰদান কৰাত উল্লাসিত হৈ পৰিছে নগঁঞা ৷ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে সত্ৰৰ বেদখলকৃত ভূমি উদ্ধাৰৰ অৰ্থে তিনি জনীয়া সমিতি গঠন কৰি বিধায়ক ৰূপক শৰ্মাক অৰ্ন্তভুক্ত কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ৷ এই কমিটিখনে সত্ৰৰ ভূমি জৰীপ কৰি ৰাজহুৱা শুনানী লৈ বেদখলকাৰীৰ কবলৰ পৰা সত্ৰৰ ভূমি উদ্ধাৰৰ কামত নিয়োজিত হ’ব ৷

বৃহস্পতিবাৰে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা লাভ কৰা বিধায়ক ৰূপক শৰ্মাই নিজৰ অভিমত নগাঁৱত প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি গুৰু দায়িত্ব ন্যস্ত কৰিছে তাক নিষ্ঠাৰে পালন কৰিম ৷ ৰাজ্যত ১২০০ শৰো ওপৰত সত্ৰ আছে ৷ সত্ৰ সমূহৰ ৯০ শতাংশ ভূমিয়ে বেদখলকাৰীৰ কবলত আছে ৷ জৰিপ, ৰাজহুৱা শুনানী গ্ৰহণ কৰি আমি চৰকাৰৰ ঘৰত প্ৰতিবেদন দাখিল কৰিম৷ বিধায়ক শৰ্মাক মুখ্যমন্ত্ৰী ডা° শৰ্মাই এই গুৰুদায়িত্ব অৰ্পন কৰাৰ পিছত বৃহস্পতি বাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , অনুৰাগীয়ে নগাঁৱৰ বাসভৱণত শুভেচ্ছা জনাই ৷