শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

হাতত বন্দুক লৈ মাতাল বিধায়কৰ উন্মাদ নৃত্য, বিজেপিয়ে কৰিলে দলৰ পৰা বহিস্কাৰ, VIDEO

341

ডিজিটেল ডেস্কঃ মদৰ ৰাগীত হাতত বন্দুক লৈ উন্মত্ত নৃত্য কৰা উত্তৰাখণ্ডৰ বিতৰ্কিত বিজেপি বিধায়ক প্ৰণৱ সিং চেম্পিয়নক অৱশেষত দলৰ পৰা নিলম্বিত কৰাৰ সিদ্ধান্ত লৈছে বিজেপি নেতৃত্বই। প্ৰণৱ চেম্পিয়নৰ মদৰ ৰাগীত কৰা উন্মাদ নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে শুকুৰবাৰে দলে বিধায়কগৰাকীক নিলম্বনৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ খানপুৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ চেম্পিয়নে ইয়াৰ পূৰ্বে এগৰাকী চৰকাৰী কৰ্মচাৰীক ৰাজপথত প্ৰহাৰ কৰি বিতৰ্কত সোমাই পৰিছিল। সেই সময়ত বিজেপি নেতৃত্বই বিধায়কগৰাকীক সকীয়নি প্ৰদান কৰিছিল।

ইফালে এইবাৰ বিধায়কগৰাকীয়ে হাতত ৪-৫টা বন্দুক লৈ নিচাত মাতাল হৈ কৰা নৃত্য ভাইৰেল হৈ পৰাৰ পিছতে বিজেপি বিধায়কজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন জন। বিৰোধীয়েও শাসকীয় দলটোক সমালোচনা কৰি এনে বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই বুলি প্ৰশ্নৰ উত্থাপন কৰে। ইয়াৰ পিছতেই বিজেপিয়ে বিধায়ক প্ৰণৱ চেম্পিয়নক দলৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি