বটদ্ৰৱাত অসম দৰ্শন আঁচনিৰ পথ আৰু উন্নয়ণমূলক কামৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ

বটদ্ৰৱাত অসম দৰ্শন আঁচনিৰ পথ আৰু উন্নয়ণমূলক কামৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত বুধবাৰে একে দিনাই কেইবাটাও পথ আৰু উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। অসম দৰ্শন আঁচনিৰ অধীনত ৪৯.৫৮ লাখ টকা ব্যয়ৰে সাৰ্বজনীন জামুগুৰি গৰখীয়া থান উন্নীতকৰণ, ৫৯.২৯ লাখ টকা ব্যয়ৰে আইভেটি আই কনকলতা থান সংযোগী পথ, ৫১.৭৭ লাখ টকা ব্যয়ৰে নৰোৱা কুঁজিসত্ৰ সংযোগী পথ, ৫১.৭৯ লাখ টকা ব্যয়ৰে কোবাইকটা সত্ৰ সংযোগী পথ, ৪৩.৯৬ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া নৰোৱা বালিসত্ৰ উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰা হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৃহত্তৰ বটদ্ৰৱা থানৰ লগত সংলগ্ন এই ঐতিহ্যমণ্ডিত স্থান সমূহ উন্নীতকৰণৰ কৰি বটদ্ৰৱাক বিশ্ব ধৰ্মীয় পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে এই নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হৈছে বুলি বিধায়িকা গৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে ১ জুন সোমবাৰেওঁ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা শলগুৰি সত্রহৈ বটদ্ৰৱা থান সংযোগী পথ, বটদ্ৰৱা কৰৈগুড়ি চাৰিআলিৰ পৰা বটদ্রৱা থান সংযোগী দুটি পথৰ উপৰিও ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱমন্দিৰ পথৰ আধাৰশিলা স্থাপন কৰাা হয়। গৌৰীনাথ শিৱমন্দিৰ সংযোগী পথ ৪৯.৮০ লাখ, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় সংযোগী পথ ১০৬.২৮ লাখ কৰৈগুড়ি সংযোগী পথ ১০৭.৯০ লাখ টকা ব্যয়েৰে নিৰ্মাণ হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in