পদত্যাগ নকৰে #MeTooৰে থকা-সৰকা হোৱা কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে

পদত্যাগ নকৰে #MeTooৰে থকা-সৰকা হোৱা কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলা সাংবাদিকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱা সত্বেও বিষয়টোক লৈ নীৰৱ ভূমিকা পালন কৰিছে বিজেপিয়ে। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল যে নাইজেৰিয়া ভ্ৰমণলৈ যোৱা এম জে আকবৰে তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আধাতে সামৰি উভতি আহি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব।

কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আকবৰে তেওঁৰ নাইজেৰিয়া ভ্ৰমণ সম্পূৰ্ণ কৰিহে দেশলৈ উভতিব আৰু তেওঁৰ মন্ত্ৰীত্ব পদ বাহাল থাকিব।

এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা ৰীতা বহুগুনা যোশীয়ে মন্তব্য কৰি কয় যে আকবৰে পদত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ এম জে আকবৰৰ পক্ষ লৈ কয় যে, যদি কাৰোবাৰ ওপৰত কোনো অভিযোগ উত্থাপিত হয় তেন্তে সেয়া সত্য বুলি প্ৰমাণিত হোৱাটোও জৰুৰী।

মহিলাসকলে অভিযোগ উত্থাপন কৰিবলৈ অধিকাৰ লাভ কৰে, কিন্তু ইয়াৰ উচিত তদন্তও হোৱা উচিত। তেওঁ পুনৰ কয়, 'মহিলা সাংবাদিকসকলে এম জে আকবৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া আকবৰেও এই সন্দৰ্ভত নিজৰ পক্ষত মত প্ৰকাশৰ অধিকাৰ লাভ কৰিব লাগে।''

উল্লেখ্য যে, #MeToo অভিযানৰ অংশ লৈ কেইবাগৰাকীও মহিলা সাংবাদিকে পূৰ্ব সাংবাদিক তথা বৰ্তমানৰ বিদেশ ৰাজ্য মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযাগ উত্থাপন কৰিছিল।

ইয়াৰ পিছতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল যে, কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ নাইজেৰিয়া ভ্ৰমণ আধাতে সামৰি বৃহস্পতিবাৰে ভাৰতলৈ উভটি আহিব। উল্লেখ্য যে, তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো এতিয়ালৈ এম জে আকবৰে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

আনহাতে, আকবৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে কংগ্ৰেছকে ধৰি দেশৰ কেইবাটাও ৰাজনৈতিক দলে কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনাইছে যদিও এই সনদৰ্ভত ভাবি চিন্তিহে এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই।

জানিব পৰা মতে, এম জে আকবৰৰ বিৰুদ্ধে উত্থাপিত হোৱা নিৰ্যাতনৰ অভিযোগে বিজেপিৰ ভিতৰ চৰাতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in