মিজোৰামত জোৰাম থাংগাৰ ১১জনীয়া মন্ত্ৰীসভাৰ শপত

মিজোৰামত জোৰাম থাংগাৰ ১১জনীয়া মন্ত্ৰীসভাৰ শপত

ডিজিটেল ডেস্কঃ মিজোৰাম এখন খ্ৰীষ্টান বসতিপ্ৰধান ৰাজ্য। ইয়াত আন ধৰ্মত বিশ্বাসী লোকৰ প্ৰাধান্য ৰাইজৰ বাবে গ্ৰহণযোগ্য নহয়। সেই কথা ১৯৯৯চনৰ পৰা ৰাজ্যখনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি দলৰ প্ৰাৰ্থীৰ ধাৰাবাহিক পৰাজয়ে স্পষ্ট কৰি থৈছে। প্ৰথম বাৰলৈ এইবাৰৰ নিৰ্বাচনতহে ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিয়ে এখন আসন লাভ কৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতিও ৰাজ্যখনৰ জনসাধাৰণ এতিয়া আৰু বিশ্বাসী নহয়। সেয়াও নিৰ্বাচনৰ জৰিয়তে প্ৰমাণ হৈছে। এম এন এফে বিগত ৫ বছৰ শাসনত আছিল। পুনৰ ৰাজ্যখনৰ ৰাইজে আমাক শাসন তথা উন্নয়নৰ দায়িত্ব অৰ্পণ কৰিছে। আমি নতুন অৰ্থনৈতিক নীতিৰে পৰৱৰ্তী সময়ত মিজোৰামক আগুৱাই লৈ যোৱাৰ বাবে সংকল্পৱদ্ধ।

যোৱা ১২ ডিচেম্বৰত ইক'ন'মিকছ টাইমছৰে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য আগবঢ়াইছিল এম এন এফৰ নেতা তথা বিগত কাৰ্যকালৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই। এই সাক্ষাৎকাৰতেই তেওঁ এই কথাও প্ৰকাশ কৰিছিল যে- 'কেন্দ্ৰৰ শাসনত থকা এন ডি এ অথবা উত্তৰ-পূবৰ ৰাজনৈতিক ঐক্যমঞ্চ নেডাৰ সৈতে পৰৱৰ্তী সময়ত এম এন এফ থাকিব নে নাথাকে এই কথা দলটোৰ মঞ্চত আলোচনা কৰাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।'

পিছে এন ডি এ ত্যাগ নকৰিলেও পৰৱৰ্তী সময়ত খ্ৰীষ্টান ধৰ্মাৱলম্বী বসতিপ্ৰধান ৰাজ্যখনৰ জনসাধাৰণৰ আৱেগক সন্মান জনায়েই নেডাৰ সৈতে এম এন এফ দলে সম্পৰ্ক ৰক্ষা কৰি চলাৰ সম্ভাৱনা যে খুবেই কম আজি সেই কথা জোৰাম থাংগা নেতৃত্বাধীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত স্পষ্ট হৈ পৰিল। কিয়নো আজি আইজলৰ ৰাজভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু অগপ সভাপতি অতুল বৰাৰ লগতে অন্যান্য দল নেতা উপস্থিত থাকে যদিও, মিজোৰামত এম এন এফৰ বিজয়ক লৈ অসমত বাৰুকৈয়ে উৎফুল্লিত হোৱা নেডাৰ আহ্বায়ক তথা অসমৰ বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি দেখিবলৈ পোৱা নগ'ল।

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ১১জন মন্ত্ৰীকো ৰাজ্যপাল কুম্মানাম ৰাজশ্বেখৰণে শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানৰ পাছত সংবাদমাধ্যমক সম্বোধন কৰোতে অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে- 'এম এন এফ চৰকাৰে এন ডি এৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিব। কিন্তু নেডাৰ সৈতে সম্পৰ্ক ৰাখিব নে নাই এই বিষয়ে টু শব্দ এটাও তেওঁ প্ৰকাশ নকৰিলে।'

বৰঞ্চ তেওঁ কয়- 'খ্ৰীষ্টান বসতিপ্ৰধান ৰাজ্যখনত ১৯৯৯চনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় জনতা পাৰ্টীক গ্ৰহণ কৰা নাই বাবেই পূৰ্বৰ সকলো নিৰ্বাচনতেই এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এইবাৰো ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এখন আসন লাভ কৰে।'

আনহাতে, তেওঁ কয় যে- 'মিজোৰামৰ ৰাইজে কংগ্ৰেছৰ অপকৃস্তিক ত্যাগ কৰিছে। সেই বাবেই সুদীৰ্ঘকাল শাসন চলোৱা দলটোৱে এইবাৰ মাত্ৰ ৫খন আসনতহে জয়লাভ কৰিছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in