শেহতীয়া খবৰ
ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...

মিজোৰামত কভিড-১৯ত আক্ৰান্ত ব্যক্তিয়ে সপৰিয়ালে গৈছিল ইউৰোপ ভ্ৰমণলৈ…

6,451

ডিজিটেল ডেস্কঃ উত্তৰ পূবত দ্বিতীয়জন কোৰোনা ভাইৰাছত আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে। কভিড-১৯ আক্ৰান্ত এই লোকজন বৰ্তমান জোৰাম মেডিকেল কলেজৰ আইছ’লেচনত আছে। লোকজন কিছুদিনৰ পূৰ্বে হলেণ্ড ভ্ৰমণলৈ গৈছিল সপৰিয়ালে। ইউৰোপ ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছত অসুস্থ হৈ পৰা ব্যক্তিজনৰ নমুনা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল।

এই সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কে মিজোৰামৰ এগৰাকী স্বাস্থ্য বিষয়াৰ সৈতে যোগাযোগ কৰিছিল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কৰা পৰীক্ষাত তেওঁৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰা বুলি জানিবলৈ দিছে।

উল্লেখ্য যে, এই ব্যক্তিগৰাকী ১৬ মাৰ্চত ইউৰোপৰ পৰা ঘৰলৈ উভতি আহিছিল। ২২ মাৰ্চত তেওঁৰ দেহত কোৰোনা ভাইৰাছ সংক্ৰমণৰ লক্ষণ দেখা পোৱাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল। স্বাস্থ্য বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, এই ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোককো আইছ’লেচনত ৰখা হৈছে।

যিখন বিমানেৰে তেওঁ উভতিছিল সেই বিমানত তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহা লোকসকলৰো স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিছে। মিজোৰামৰ স্বাস্থ্য মন্ত্ৰীয়ে কোৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত কৰা বুলি সদৰি কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি