শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

অসম ভৱনত উপস্থিত মিজোৰামৰ মুখ্যমন্ত্ৰী, কিছু সময় পাছতে হিমন্ত বিশ্ব শৰ্মাৰে হ’ব বৈঠক…

ডিজিটেল ডেস্কঃ নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেউফি ৰিঅ’ৰ সৈতে যোৰহাটত সীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰপাছত এইবাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীৰ অসম ভৱনত ইতিমধ্যে আহি উপস্থিত হৈছেহি মিজোৰামৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্য সচিব গৰাকী।

উল্লেখ্য যে, বঙাইগাঁৱত বৃহস্পতিবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পাছতে দিল্লীলৈ উৰা মাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম ভৱনত এই গুৰুত্বপূৰ্ণ বৈঠকত দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকত সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাও উপস্থিত থাকিব।