শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰখন আইজলঃ গৌৰৱান্বিত মিজোৰাম…

ডিজিটে ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ এখন অতি মনোমোহা ৰাজ্য মিজোৰাম। প্ৰকৃতিৰ অনবদ্য ৰূপ-সৌন্দৰ্যৰে ভৰপূৰ এই সৰু ৰাজ্যখন। উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ তুলনাত অতি শান্ত প্ৰকৃতিৰ এই ৰাজ্যখনে শেহতীয়াকৈ গঢ়িছে এক অভিলেখ। ৰাজ্যখনে কঢ়িয়াই আনিছে উত্তৰ পূবৰ বাবেই এক সুখবৰ। দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষস্থান অধিকাৰ কৰিছে মিজোৰামৰ আইজ চহৰখনে।

১৩২ খন ভাৰতীয় চহৰৰ মাজত চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে চলাইছিল এই সমীক্ষা। আইজলৰ চহৰখনৰ ২৪ ঘণ্টাত বায়ু মানদণ্ড সূতক ১৩ হিচাপে নথিভুক্ত কৰা হৈছে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইট যোগে এই কথা সদৰী কৰিছে।

তেওঁ টুইটাৰত লিখিছে বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসমান্য সূচকৰ সৈতে আইজল হৈছে বিগত ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড গঢ়া শীৰ্ষ ভাৰতীয় চহৰ। মুখ্যমন্ত্ৰী জোৰামথাংগাৰ এই টুইটৰ পিছতে ৰাজ্যখনৰ বাসিন্দা সকল উৎফুল্লিত হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি