মিত্ৰতাৰ অংক

মিত্ৰতাৰ অংক

কোন কাৰ পিঠিত উঠিছিল! সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কেইগৰাকীমান নেতাৰ মাজৰ তীব্ৰ বাকযুদ্ধত এই বাক্যাংশৰ সঘন ব্যৱহাৰ হোৱাটো ৰাজ্যবাসীয়ে শুনিছিল৷ আমাৰ দেশৰ সাম্প্ৰতিক ৰাজনৈতিক বাতাৱৰণটো ইমানেই অনিশ্চয়তাপূৰ্ণ হৈ পৰিছে যে ইয়াৰ মাজত যুঁজ-বাগৰ কৰি ৰাজ্যতেই হওক বা দেশতেই হওক, পাঁচ বছৰীয়া ক্ষমতাত আৰোহণ কৰাৰ বাবে কোনোবাই কাৰোবাৰ পিঠিত উঠাটো একপ্ৰকাৰ অৱশ্যাম্ভাৱী হৈ পৰিছে৷

'পাৰ পালে যমুনাৰ ভূৰত মাৰে লাথি'- বোলা ফকা এফাঁকি আছে নহয়! ইয়াৰে চিৰসত্যতা প্ৰতিপন্ন কৰি মাজে মাজে ক্ষমতাত আৰোহণ কৰিবলৈ সক্ষম হোৱা কোনো কোনো দলে আকৌ পিচত সেই পিঠিখনতেই লাথ মাৰে৷ ভাৰতীয় গণতন্ত্ৰত যোৱা দুটা দশকত এনে ঘটনা বহুত ঘটিছে৷ তেনেকৈ নতুন নতুন 'পিঠি'ৰ সন্ধানো অব্যাহত আছে অবিৰতভাৱে৷

অসমত অগপ-বিজেপিৰ মধুযামিনীৰ অধ্যায় নতুন নহয়৷ ৰাজ্যবাসীয়ে দেখি থকা সঁচা কথাটো ক'বলৈ গ'লে অগপৰ পিঠিত ভৰ দিয়ে অসমত বিজেপিয়ে ক্ষমতাৰ কৰিডৰত এটা সময়ক আগবাঢ়িছিল৷ বিজেপিৰ পূৰ্বৰ ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰা ৰাজ্যসভাৰ সাংসদ হৈছিল অগপ বিধায়কৰ ভোট লৈয়ে৷ কিন্তু অগপৰ সেই বৃন্দাবন ছন পৰাৰ পিচত আৰু এতিয়া বিজেপিৰ বৃন্দাবনখন ৰসাল হৈ থকা বাবে সেই ইতিহাস পাহৰিব খুজি নতুনকৈ বিজেপিৰ বৃন্দাবনত প্ৰৱেশ কৰা একাংশ নেতাই অগপক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ লৈছে৷

হয়, ২০১৪ চনৰ পৰা ২০১৬ লৈ দেশত হোৱা 'মোডী ছুনামি'ৰ বাবে সমগ্ৰ দেশৰ লগতে অসমৰো দশ্যপটৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছিল৷ তেতিয়াও কিন্তু বিজেপিয়ে অকলে অসম বিধানসভাৰ যুঁজত অবতীৰ্ণ হ'বলৈ সাহস কৰিব পৰা নাছিল, যাৰ বাবে অসম গণ পৰিষদৰ উপৰি বি পি এফ, গণশক্তি আৰু তিৱা-ৰাভাৰ ৰাজনৈতিক সংগ্ৰামী মঞ্চৰ সৈতে তেওঁলোকে বুজাবুজিৰে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'বলৈ বাধ্য হৈছিল৷

দিছপুৰৰ ক্ষমতাৰ ৰহঘৰা চুবলৈ পোৱাৰ পিচত এতিয়া বিজেপিৰ একাংশ নেতাই 'তেওঁলোকৰ পিঠিত উঠিহে অগপ ৰক্ষা পৰিল' বুলি প্ৰতিপন্ন কৰিবলৈ গোৱেবলছীয়া পন্থা ল'লে, সেয়া যে অৰ্ধসত্য আৰু ক্ষমতাৰ দম্ভৰ বহিৰ্প্ৰকাশ, তাক অল্পমতিৰো বুজাত অসুবিধা নহয়৷ ভাৰতীয় গণতন্ত্ৰত এতিয়া মূল্যবোধৰ ৰাজনীতি অচল টকাত পৰিণত হোৱাৰ উপক্ৰম হৈছে৷ ক্ষমতাই শেষ কথা, কিন্তু ক্ষমতাৰ কৰিডৰটো পিচে বৰ পিছল৷ ইয়াত সুবিধা বুজি কাৰোবাৰ কাৰোবাৰ পিঠিত ভৰ দি আৰোহণ কৰাটো সহজ, কিন্তু ইয়াত টিকি থকাটো বৰ উজু কথা নহয়৷ ২০১৪ত দেশত 'ছুনামি'ৰ সৃষ্টি কৰা বিজেপিৰো সেই অখণ্ড প্ৰতাপত ভাটা আৰম্ভ হৈছে৷

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ দৰে গেৰুৱা ৰাজনীতিৰ হৃৎপিণ্ডসদৃশ ৰাজ্যত একেলগে ক্ষমতাচ্যুত হ'বলগীয়া হোৱাটো গুৰুত্বপূৰ্ণ৷ ক্ষমতাত জয়জয়কাৰ হৈ থকা অৱস্থাতে '৭৭ত ইন্দিৰা গান্ধীৰ পতন ঘটিছিল৷ অসম আন্দোলনত দেৱতাৰ শাৰীলৈ উঠা নেতাসকল '৮৫চ ক্ষমতাৰ মচনদত উঠি চকীবোৰত ভালদৰে খামুচিবলৈ নৌপাওঁতেই '৯০ত গাদীচ্যুত হৈছিল৷ ভাৰতীয় গণতন্ত্ৰ বৰ বিচিত্ৰ!

এতিয়া মোডীক ক্ষমতাচ্যুত কৰাৰ কচৰৎ আৰম্ভ হৈছে আৰু তাৰ পৰিৱেশ সবল কৰি তুলিবৰ বাবে মিত্ৰতাৰ নতুন অংক আৰম্ভ হৈছে৷ চেন্নাইৰ ডি এম কে দলৰ মঞ্চত ডি এম কেৰ শীৰ্ষ নেতাসকলৰ লগত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু চন্দ্ৰবাবু নাইডুকে ধৰি কেইবাজনো অবিজেপি মুখ্যমন্ত্ৰীয়ে একেলগে তৰোৱাল তুলি বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন কৰিছে৷ চন্দ্ৰবাবু নাইজুৰ মধ্যস্থতাত ২১টা বিজেপিবিৰোধী দলে দিল্লীত সমবেত হৈ ইতিপূৰ্বে এক নতুন মহাজোঁট গঠনৰ ইংগিত দি বিজেপিৰ বিৰুদ্ধে এইবাৰ যুঁজখন যে শক্তিশালী হ'ব, তাৰ ইংগিত প্ৰদান কৰিছে৷

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নতুন চৰকাৰৰ অভিষেক অনুষ্ঠানত এই নেতাসকল একেলগে গৈ হাতত হাত ধৰি থিয় হোৱা দৃশ্যই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এই ৰাজনীতিত চামিল হৈছে বদৰুদ্দিন আজমলো৷ কিন্তু লক্ষণীয়ভাৱে এই 'মহাজোঁট'ৰ আখৰাগৃহত এতিয়ালৈকে অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টি, মায়াৱতীৰ বহুজন সমাজ পাৰ্টি আৰু মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে প্ৰৱেশ কৰা নাই৷ তেওঁলোকৰ অংক বেলেগ৷ এছ পি-বি এছ পিৰ অংক উত্তৰ প্ৰদেশ৷

অৱশ্যে মায়াৱতীৰ দলে মধ্যপ্ৰদেশত কংগ্ৰেছক নিঃচৰ্ত সমৰ্থন দিছে৷ বিজেপি বিৰোধী হ'লে মমতা-অখিলেশে চন্দ্ৰবাবু নাইডুৰ মহাজোঁটত সোমাই নিজৰ স্বকীয় গুৰুত্ব বিসৰ্জন দিব খোজা নাই৷ কিন্তু ক্ষমতাৰ অংকত চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশমে কংগ্ৰেছৰ সৈতে থকা আজন্ম শত্ৰুতা পৰিহাৰ কৰিছে৷ এয়াও 'পিঠিত উঠা' ৰাজনীতিয়েই৷

সি যি কি নহওক, বিৰোধী শক্তিৰ ঐক্যবদ্ধ যুঁজে পাৰ হৈ যোৱা বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ বহু শক্তিশালী দুৰ্গ তচনচ কৰি পেলোৱাত আগত লোকসভাৰ যুঁজখন বিজেপিৰ বাবে কিমান কঠিন হ'ব, তাৰ আভাস দিছে৷ এনে অৱস্থাত অসমত অগপ-বিজেপিৰ সম্বন্ধ 'টম এণ্ড জেৰী'ৰ দৰে হ'ব নে সাপ-নেউলৰ হ'ব, তাৰ ওপৰত অসমৰ ভৱিষ্যতৰ ৰাজনীতি বহুখিনি নিৰ্ভৰ কৰিছে৷ অগপৰ ভোটৰ ভেটিত বিজেপিৰ আধিপত্য বিস্তাৰৰ প্ৰৱণতা পঞ্চায়ত নিৰ্বাচনত পৰিলক্ষিত হৈছে৷ বিজেপিৰ এই প্ৰৱণতাই পৰৱৰ্তী নিৰ্বাচনবোৰত কি ফল দিব, তাতো বহু প্ৰশ্ন জড়িত হৈ আছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in