আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ভাৰতৰ আন এগৰাকী ক্ৰিকেটাৰৰ…

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ভাৰতৰ আন এগৰাকী ক্ৰিকেটাৰৰ…

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ভাৰতীয় মহিলা দলৰ অধিনায়ক মিতালী ৰাজে। তেওঁ মুঠ ৩২খন টি-২০ বিশ্বকাপত ভাৰতক নেতৃত্ব দিছিল। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে দাৰ্বিত ২০০৬ চনত ভাৰতে টি-২০ বিশ্বকাপ খেলোতে দলটোৰ নেতৃত্বত আছিল মিতালী ৰাজ।

মুঠ ৮৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলা ভাৰতীয় মহিলা ক্ৰিকেটাৰগৰাকীয়ে ১৭ টা অৰ্ধশতকসহ ২৩৬৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অন্তিমবাৰৰ বাবে মিতালী ৰাজে এইবৰ্ষৰ ৯ মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলত অংশ লৈছিল। ইফালে অৱসৰৰ কাৰণ বৰ্ণনা কৰি তেওঁ ২০২১ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে নিজকে প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত লোৱা বুলি জনায়। তেওঁ লগতে কয় যে, দেশৰ বাবে এখন হলেও বিশ্বকাপ জয় কৰাটো মোৰ সপোন আছিল। সেই সপোন সঁচা কৰাৰ বাবে মই কষ্ট কৰিম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in