আমেৰিকাতকৈ ভয়াৱহ হ’ব ভাৰতৰ কোৰোনাকেন্দ্ৰিক পৰিস্থিতি! প্ৰতিদিনে আক্ৰান্ত হ’ব প্ৰায় ৩লাখ লোক…

আমেৰিকাতকৈ ভয়াৱহ হ’ব ভাৰতৰ কোৰোনাকেন্দ্ৰিক পৰিস্থিতি! প্ৰতিদিনে আক্ৰান্ত হ’ব প্ৰায় ৩লাখ লোক…

ডিজিটেল ডেস্কঃ দেশত বৰ্তমানতকৈ আগন্তুক সময়ত অধিক ভয়াৱহ হ'ব কোৰোনাকেন্দ্ৰিক পৰিস্থিতি। এই কথা শেহতীয়াকৈ প্ৰকাশ কৰিলে বিশ্বৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান Massachusetts Institute of Technologyয়ে। শিক্ষা প্ৰতিষ্ঠানখনে বিগত দিনসমূহত কোৰোনাক লৈ কৰা গৱেষণাৰ অন্তত এই কথা স্পষ্ট কৰি দিছে যে, ২০২১ৰ শীতকাললৈকে কোৰোনাৰ প্ৰভাৱ বৰ্তমানতকৈ অধিক ভয়াৱহ হ'ব।

বিশ্বৰ প্ৰায় ৮৪খন দেশ ৪.৭৫ আৰৱ লোকৰ তথ্য অধ্যয়ন কৰি Massachusetts Institute of Technologyয়ে এক ভয়ংকৰ তথ্যও সদৰি কৰিছে। প্ৰতিষ্ঠানখনে সদৰি কৰিছে যে, ২০২১ৰ শীতকাললৈকে কোৰোনাৰ প্ৰভাৱ থকাৰ লগতে ইয়াৰ ভয়াৱহতা অধিক বৃদ্ধি পাব। সেই সময়খিনিত প্ৰতিদিনে ভাৰতত ২.৮৭লাখ মানুহ আক্ৰান্ত হব কোৰোনাত।

উল্লেখ্য যে, প্ৰতিদিনে ২.৮৭লাখ আক্ৰান্তৰে বিশ্বৰ কোৰোনা আক্ৰান্ত দেশৰ শীৰ্ষত থাকিব ভাৰত। তাৰ পিছতে থাকিব, আমেৰিকা , দক্ষিণ আফ্ৰিকা, ইৰান, ইণ্ডোনেছিয়া, বিটেইন, নাইজেৰিয়া, তুৰ্কী, ফান্স আৰু জাৰ্মানী। গৱেষণা চলোৱা দলটোৱে লগতে মত প্ৰকাশ কৰে যে, এই সংখ্যা হুবহুভাৱে নিমিলিবও পাৰে। কিন্তু কোৰোনাৰ ভেকচিন যথা সময়ত প্ৰস্তুত নহ'লে এই পৰিৱেশ দেশবাসীয়ে সন্মুখীন হব লাগিব বুলি সম্ভাৱনা প্ৰকাশ কৰে তেওঁলোকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in