মালিবাৰীত পশু নথকা লোকে সংগ্ৰহ কৰা পশু খাদ্যৰ অপব্যৱহাৰ, উপায়ুক্তক তদন্তৰ দাবী …

মালিবাৰীত পশু নথকা লোকে সংগ্ৰহ কৰা পশু খাদ্যৰ অপব্যৱহাৰ,  উপায়ুক্তক তদন্তৰ দাবী …

ডিজিটেল সংবাদ, দুমুনিচকীঃ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান বিধ্বস্ত মালিবাৰীৰ লগতে কেইবাখনো গাঁৱৰ বানাক্ৰান্ত পৰিয়ালক শেহতীয়াকৈ হ'লেও বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰাথমিক পৰ্য্যায়ৰ বান সাহায্য প্ৰদান কৰা হৈছে। বিভাগীয় ভাবে প্ৰদান কৰা হোৱা বান সাহায্যৰ ভিতৰত মূলতে মানুহৰ আৰু পশুৰ খাদ্য যোগান ধৰা বুলি জানিব পৰা গৈছে।

কিন্তু বিভাগীয় কৰ্তৃপক্ষই যোগান ধৰা পশু (গো-ধন) খাদ্যৰ পৰা একাংশ পশু নথকা পৰিয়ালক সমানে পশু খাদ্য বিতৰণ কৰি পশু খাদ্যৰ ব্যাপক ভাবে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। পশু খাদ্য অপব্যৱহাৰৰ বিষয়ে লাভ কৰা খবৰ অনুসৰি বিভাগীয় ভাবে যোগান ধৰা 'অ চি এম কেটল ফীড' প্ৰকৃততে গো-ধন অথবা ম'হৰ বাবেহে উপযোগী।

কিন্তু গো-ধন নথকা একাংশ পৰিয়ালেও চৰকাৰী সামগ্ৰীৰ দোহাই দি বিতৰণৰ সময়ত নিজ নিজ অংশবোৰ দাবী কৰি সংগ্ৰহ কৰি লয়। পিছত উক্ত পশু খাদ্য একাংশ লোকে বানত বুৰ যোৱা নিজৰ পুখুৰীত পেলায় দিয়াৰ উপৰি আন একাংশই আকৌ ঘৰৰ হাঁহ কুকুৰাক ছটিয়াই দি উক্ত পশু খাদ্য ব্যাপক ভাবে অপব্যৱহাৰ কৰে। উল্লেখ্য যে প্ৰথম অৱস্থাত প্ৰায় পাঁচ শতাধিক পৰিয়াল থকা বান বিধ্বস্ত মালিবাৰী বাসীক বিভাগীয় ভাবে সামান্য পৰিমান সাহায্য প্ৰদান কৰা হয়।

ফলত ক্ষোভত ফাটি পৰা ৰাইজে উক্ত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ পৰা বিৰত থাকি বিষয় সন্দৰ্ভত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিকক অবগত কৰে। উক্ত অনিয়ম সম্পৰ্কে অবগত হৈ উপায়ুক্ত গৰাকীয়ে মালিবাৰীৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰ্য্যাপ্ত বান সাহায্য প্ৰদানৰ লগতে পশু খাদ্য যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে। সেই মৰ্মে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰথম পৰ্যায়ত মানুহৰ খাদ্যৰ লগতে পশু খাদ্য যোগান ধৰা হয়। প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ বাবে যোগান ধৰা মানুহৰ খাদ্যৰ লগতে কালি সন্ধিয়া পশু খাদ্য বিতৰণো সমাপ্ত হয়।

ফলত পশু নথকা একাংশ লোকে বান সাহায্যৰ নামত যোগান ধৰা পশু খাদ্য সংগ্ৰহ কৰি ব্যাপক ভাৱে অপব্যৱহাৰ কৰি আহিছে। উল্লেখ্য যে ৰাজ্যখনৰ বানাক্ৰান্ত লোকক সাহায্য প্ৰদানৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিবলগীয়া হোৱাৰ সময়ত মালিবাৰীত পশু খাদ্যৰ অপব্যৱহাৰ কৰা কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সমাজখনৰ সচেতন লোক সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in