লোকসভা নিৰ্বাচনৰ ফলাফলত বিসংগতি! উচ্চতম ন্যায়ালত আবেদন এডিআৰৰ

লোকসভা নিৰ্বাচনৰ ফলাফলত বিসংগতি! উচ্চতম ন্যায়ালত আবেদন এডিআৰৰ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ত ইলেক্ট্ৰনিক ভোটিং মেছিন অৰ্থাৎ ইভিএমৰ ব্যৱহাৰৰ বিষয়টো পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ত উত্থাপন হৈছে। এছ'চিয়েশ্যন ফ'ৰ ডেমক্ৰেটিক ৰিফৰ্মছ চমুকৈ এডিআৰ-এ উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এখন আবেদন দাখিল কৰিছে। আবেদনত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পূৰ্বে ভোটদানৰ তথ্য ভোটগণনাৰ মাজত বাস্তৱিক আৰু সঠিক সামাঞ্জস্য বিশ্লেষণ কৰি সেয়া প্ৰকাশ কৰিবৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ ন্যায়ালয়ক আহ্বান জনাইছে এডিআৰ-এ। লগতে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পিছত পোহৰলৈ অহা ফলাফল সম্পৰ্কীয় সকলো বিসংগতি সম্পৰ্কীয় অভিযোগৰ তদন্তৰো দাবী তোলে সংস্থাটোৱে।

নিৰ্বাচন আয়োগৰ নিৰ্বাচন প্ৰক্ৰিয়াক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰি আবেদনত এডিআৰে কয় যে নিৰ্বাচন আয়োগে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বিভিন্ন সময়ত নিজৰ ৱেবচাইট আৰু 'মাই ভোটাৰ্ছ টাৰ্ণআউট এপ'ত ভোটদান সম্পৰ্কীয় তথ্যৰ সালসলনি কৰিছিল।

আবেদনত নিৰ্বাচন আয়োগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তথ্যৰ সালসলনি নিৰ্বাচন প্ৰক্ৰিয়াৰ বিসংগতিসমূহ ঢাকি ৰখাৰ প্ৰয়াস হ'ব পাৰে বুলিও আশংকা ব্যক্ত কৰে এডিআৰে। আবেদনত উল্লেখ কৰা অনুসৰি, বিশেষজ্ঞৰ এটা দলে এডিআৰৰ সৈতে মিলি বিভিন্ন সমষ্টিত সম্পন্ন হোৱা ভোট আৰু গণনা কৰা ভোটৰ ওপৰত গৱেষণা কৰিছিল। এই গৱেষণা ২৮ মে' আৰু ৩০ জুন, ২০১৯ত নিৰ্বাচন আয়োগৰ ৱেবচাইট আৰু মোবাইল এপত প্ৰকাশিত ভোটৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। য'ত বহু সমষ্টিত সম্পন্ন হোৱা ভোট আৰু গণনা হোৱা ভোটৰ মাজত বিসংগিত ধৰা পৰে।

আবেদনকাৰীয়ে উল্লেখ কৰা মতে, লোকসভা নিৰ্বাচন, ২০১৯ৰ সময়ত ৫২৪টা নিৰ্বাচন ক্ষেত্ৰত, ৩৪৭খন আসনৰ ভোটদান আৰু ভোট গণনাৰ মাজত বিসংগতি ধৰা পৰে। এই বিসংগতি নূন্যতম এটা ভোটৰ পৰা সৰ্বাধিক ১,০১,৩২৩ ভোট পৰ্যন্ত হোৱা বুলি দাবী কৰে এডিআৰে। আনহাতে ইয়াৰে ৬টা সমষ্টিত জয়লাভৰ ব্যৱধানতকৈ বিসংগতি সংঘটিত ভোটৰ পৰিমাণ অধিক বুলিও আবেদনত উল্লেখ কৰিছে এডিআৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in