প্ৰেমবিবাহৰ এটা সপ্তাহ পাৰ নৌহওঁতেই নিৰুদ্দেশ যুৱক

প্ৰেমবিবাহৰ এটা সপ্তাহ পাৰ নৌহওঁতেই নিৰুদ্দেশ যুৱক

ডিজিটেল সংবাদ, কামপুৰঃ ভালপোৱাৰ অলেখ প্ৰতিশ্ৰুতি আৰু সোপন বুকুত বান্ধি যুগ্ম জীৱনৰ আৰম্ভণি কৰা নগাঁও জুৰিয়াৰ বলিকটিয়াৰ এগৰাকী যুৱতীলৈ নামি আহিছো ঘোৰ অমানিশা। বিবাহৰ এসপ্তাহ নৌহওতেই স্বামীৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই শোকবিহ্বল কৰি তুলিছে যুৱতীগৰাকী। স্বামী নাজিৰ ইছলাম ওৰফে ৰাফেল খানক বিচাৰি এতিয়া থানা, আদলতৰ দুৱাৰে দুৱাৰে ঘুৰ্মুটিয়াই ফুৰিছে অসহায় যুৱতীগৰাকীয়ে।

জানিব পৰা মতে, ছ'চিয়েল মিডিয়াত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল বলিকটিয়াৰ যুৱতীগৰাকী আৰু কচুৱাৰ বগৰীতলৰ যুৱক নাজিৰ ইছলাম ওৰফে ৰাফেল খানৰ। দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ পিছত দুয়োজনে বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ২৫ ডিচেম্বৰত নগাঁও আদালতত আইনী প্ৰক্ৰিয়াৰে ইজনে সিজনক স্বামী-স্ত্ৰী হিচাপে স্বীকাৰ কৰে।

ইয়াৰ পিছতে যুৱকজনে যুৱতীগৰাকীক নগাঁৱৰ ধিং গেটত থকা মামাকৰ ঘৰলৈ লৈ যায় যদিও তাত যুৱক-যুৱতীহালক মামাকে শাৰিৰীক আৰু মানসিকভাৱে অপমান কৰে বুলি অভিযোগ কৰে যুৱতীগৰীয়ে। যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে, যুৱকজনৰ মামাকৰ ঘৰত অপমানিত হৈ তাৰ পৰা ওলাই দুয়োজনে ধিং গেটত আহি ৰৈ থাকে। তাৰ পৰাই যুৱকজন নিৰুদ্দেশ হয়।

যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, যুৱক নাজৰুলৰ মামাকেই তেওঁক অপহৰণ কৰিছে। আনহাতে যুৱকজনৰ পৰিয়ালেও যুৱতীগৰাকীক নিজৰ বোৱাৰী বুলি মানি ল'ব বিচৰা নাই। যাৰ ফলত এতিয়া যুৱতীগৰাকী অসহায় হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in