মেট্ৰিক পৰীক্ষাৰ মাজতে নলবাৰীত সন্ধানহীন ছাত্ৰী

মেট্ৰিক পৰীক্ষাৰ মাজতে নলবাৰীত সন্ধানহীন ছাত্ৰী

ডিজিটেল সংবাদ, নলবাৰীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে নলবাৰীৰ এগৰাকী পৰীক্ষাৰ্থী সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নলবাৰী জিলাৰ নলবাৰী ছোৱালী হাইস্কুলৰ এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিক্ষাৰ্থী নাজমিন আখতাৰ নামৰ ছাত্ৰীগৰাকী যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে।

ইফালে নলবাৰী ফকীৰতোলাৰ এই ছাত্ৰীগৰাকী সন্ধানহীন হোৱাৰ পিছতে পিতৃ মুকুট আলীয়ে কংকণ নামৰ এজন যুৱকৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোৱাইছে। ইতিমধ্যে ছাত্ৰীগৰাকীৰ অভিৱাগকে কংকণ নামৰ যুৱক জনেই অপহৰণ কাণ্ড সংঘটিত কৰা বুলি অভিযোগ তুলি নলবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ছাত্ৰীগৰাকীৰ পিতৃ মুকুট আলীয়ে অভিযোগ কৰা অনুসৰি কংকণ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি নাজমিন আখতাৰক অসুবিধা দি আহিছিল। ছাত্ৰীগৰাকী সন্ধানহীন হোৱাৰ দিনা অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৮.৩০ বজাত ছাত্ৰীগৰাকী পঢ়ি থকা পিতৃয়ে প্ৰত্যক্ষ কৰিছিল। কিন্তু তাৰ কিছুসময় পিছতে ছাত্ৰীগৰাকীক ভাত খাবলৈ মাতিবলৈ আহি বিচাৰি নাপায় অৱশেষত আৰক্ষীৰ কাষ চাপে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in