মেক্সিকোৰ সুন্দৰী ভেনিছাৰ শিৰত ‘মিছ ৱৰ্ল্ড ২০১৮’ৰ মুকুট

মেক্সিকোৰ সুন্দৰী ভেনিছাৰ শিৰত ‘মিছ ৱৰ্ল্ড ২০১৮’ৰ মুকুট

ডিজিটেল ডেস্কঃ মেক্সিকোৰ সুন্দৰী ভেনিছা প'ঞ্চ দি লিয়নৰ শিৰত মিছ ৱৰ্ল্ড ২০১৮ৰ মুকুট। ৬৮সংখ্যক মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰে তেওঁ। ২০১৭ বৰ্ষৰ মিছ ৱৰ্ল্ড মানুষী চিল্লৰে তেওঁক প্ৰদান কৰে এই সন্মান।

চীনত হোৱা এক আৰম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক প্ৰদান কৰে হয় এই সন্মান। ইফালে মিছ ৱৰ্ল্ডৰ ৰানাৰ্ছ আপ দখল কৰে থাইলেণ্ডৰ নিকলিন পিছাপা লিমছনুকানে। ইয়াৰ লগতে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা ৫গৰাকী প্ৰতিযোগীৰ ভিতৰত আছিল মিছ বেৰালুছ মাৰিয়া ভেছিলেভিশ, মিছ জামাইকা কাডিজাহ ৰবিনছন আৰু মিছ উগাণ্ডা কুইন আবেনাক্য। এই প্ৰতিযোগিতাৰ শীৰ্ষ ১২গৰাকীৰ মাজত অন্তৰ্ভুক্ত হোৱাত ব্যৰ্থ হয় ভাৰতৰ প্ৰতিযোগী অনুকৃতি ব্যাস।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in