কি প্ৰশ্নৰ উত্তৰ দি বিশ্ব-ব্ৰহ্মাণ্ডৰ সুন্দৰী হ’ল কেট্ৰিঅ’না ইলিছা গ্ৰে? চাওঁক VIDEO

কি প্ৰশ্নৰ উত্তৰ দি বিশ্ব-ব্ৰহ্মাণ্ডৰ সুন্দৰী হ’ল কেট্ৰিঅ’না ইলিছা গ্ৰে? চাওঁক VIDEO

ডিজিটেল ডেস্কঃ সদ্যঘোষিত মিছ ইউনিভাৰ্ছ ২০১৮ৰ খিতাপ লাভ কৰিলে কেট্ৰিঅ'না ইলিছা গ্ৰেয়ে। সৌন্দৰ্য প্ৰতিযোগিতাখনত বিশ্বৰ বহু কেইখন দেশৰ সুন্দৰ যুৱতীসকলে অংশ লৈছিল যদিও এই খিতাপ নিজৰ নামত কৰিলে ফিলিপিন্সৰ যুৱতী কেট্ৰিঅ'না ইলিছা গ্ৰেয়েহে। অৱশ্যে এই প্ৰতিযোগিতাত ভাৰতৰ যুৱতী নেহল সুদাশ্মাও ভাল লৈছিল যদিও, শীৰ্ষ ২০তো স্থান নাপালে তেওঁ। ইফালে, এই প্ৰতিযোগিতাখনত ফাৰ্ষ্ট ৰানাৰ আপ দক্ষিণ আফ্ৰিকাৰ প্ৰতিযোগী আৰু দ্বিতীয় ৰানাৰ আপৰ স্থান লাভ কৰে ৱেনেজুৱেলাৰ সুন্দৰী যুৱতীগৰাকী।

প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডত কেট্ৰিঅ'নাই ৰঙা ৰঙৰ পোছাক পৰিধান কৰিছিল। বিজয়ৰ মুকুত শিৰত লৈ বহু উৎসাহিত হৈ পৰিছিল ফিলিপিন্সৰ এইগৰাকী সুন্দৰী। পিছে এই বিজয়ৰ মুকুতা কেট্ৰিঅ'না যোৱা বৰ্ষৰ অৰ্থাৎ মিছ ইউনিভাৰ্ছ ২০১৭ৰ খিতাপ জয়ী ডেমী লে নেল-পীটৰ্ছে প্ৰদান কৰে।

উল্লেখ্য যে, মিছ ইউনিভাৰ্ছ বা অন্য সৌন্দৰ্য প্ৰতিযোগিতাত সৌন্দৰ্যতাৰ সমান্তৰালভাৱে প্ৰয়োজন হয় বিভিন্ন ক্ষেত্ৰৰ জ্ঞানৰ। সেয়েহে প্ৰতিযোগীসকলক বিচাৰকে কৰে বিভিন্ন প্ৰশ্ন। ঠিক একেদৰে কেট্ৰিঅ'নাকো বিচাৰকে সুধিছিল কেইটামানন প্ৰশ্ন। কিন্তু কেট্ৰিঅ'নাক সোধা অন্তিমটো প্ৰশ্ন আছিল বহু গুৰুত্বপূৰ্ণ। কাৰণ এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পাছতেই তেওঁ লাভ কৰিছিল এই খিতাপ।

বিচাৰকে তেওঁক সুধিছিল- 'আপোনাৰ জীৱনত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা কি শিকিলে আৰু তাক কি ধৰণে এই প্ৰতিযোগিতাত ব্যৱহাৰ কৰিলে?' এই প্ৰশ্ন শুনি ফিলিপিন্সৰ সুন্দৰীগৰাকীয়ে উত্তৰ দিছিল- 'মই মনীলাৰ বস্তিবোৰত বহুত কাম কৰিছো আৰু তাৰে জীৱন-ধাৰণ দৰিদ্ৰতা আৰু দুখেৰে ভৰা। মই ইয়াৰ দ্বাৰা শিকিছিলো যে, কেনেকৈ দুখৰ মাজতো সুখ বিচাৰি পায়। মই এটা কেঁচুৱাৰ মুখত সুখ আৰু সৌন্দৰ্য বিচাৰি পাইছো। মিছ ইউনিভাৰ্ছ হিচাপেও মই বহু বেয়া পৰিস্থিতিতো সুখ বিচাৰি পাইছো।'

ইয়াৰোপৰি তেওঁ কয়- 'যদি মই সকলোকে সততা শিকাব পাৰিলো হয়, সুখী হ'বলৈ শিকাব পাৰিলো হয় তেন্তে আমাৰ এই পৃথিৱীখন আৰু অধিক সুন্দৰ হৈ পৰিল হয় য'ত কোনো দুখ নাথাকিলেহেঁতেন আৰু সকলোৱে হাঁহিমুখে জীৱন-যাপন কৰিলেহেঁতেন।' এই উত্তৰটোৱে বিচাৰকৰ হৃদয় চুই যায় আৰু ফিলিপিন্সৰ যুৱতীগৰাকীয়ে এক সৎ আৰু সুন্দৰ মনৰ অধিকাৰী বুলি প্ৰমাণিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in