মিছিং স্বায়ত্বশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ

মিছিং স্বায়ত্বশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ

ডিজিটেল সংবাদ, গোগামুখঃ মিছিং জাতিটোৰ উন্নয়ন আৰু বিকাশৰ বাবে ১৯৯৫ চনতেই গঠন হোৱা মিছিং স্বায়ত্ত্বশাসিত পৰিষদখনৰ দ্বিতীয় বাৰৰ নিৰ্বাচনত জয়ী হোৱা নিৰ্বাচিত জনপ্ৰতিনিধি সকলে সোমবাৰে আনুষ্ঠানিক ভাৱে মুকলি মঞ্চত শপত লব। গোগামুখ উচতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰশাসনে আয়োজন কৰা এই অনুষ্ঠানত নৱ নিৰ্বাচিত ৩৫ জনকৈ সদস্যই শপত ল'ব।

উল্লেখ্য যে, পৰিষদখনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ প্ৰায় ২০ হাজাৰোধিক লোকৰ সমাগম ঘটিছে। শপত গ্ৰহণ অনুষ্ঠানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৫২০ গৰাকী স্বেচ্ছাসেৱকৰ লগতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

ইফালে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সভাত বিশিষ্ট অতিথি হিচাপে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, জিলাখনৰ দুই বিধায়ক ডা° ৰনোজ পেগু, ভূৱন পেগু আৰু স্বায়ত্ত্বশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকল তথা সংগঠন সমূহৰ নেতৃবৰ্গ উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ১৪ টা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে নিজ নিজ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰা বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in