বাক্সাৰ শালবাৰীত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি আঠ বছৰীয়া নাবালিকা

বাক্সাৰ শালবাৰীত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি আঠ বছৰীয়া নাবালিকা

ডিজিটেল সংবাদ, শালবাৰীঃ হিন্দু নাগৰিকত্বক লৈ ৰাজ্যৰ চৌদিশ উত্তপ্ত হৈ থকাৰ লগতে ভোগালীৰ আনন্দৰ মাজত বাক্সাৰ শালবাৰীত সংঘটিত হ'ল এক নাৰকীয় ঘটনা৷ ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী আঠ বছৰীয়া নাবালিকা৷ সম্প্ৰতি আনন্দ বজাৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছে ধৰ্ষণকাৰী চোৰাহব আলী (৬৫)ক৷

উল্লেখ্য যে, বাক্সা জিলাৰ শালবাৰী মহকুমাৰ কয়েমাৰী গাঁৱৰ চোহৰাব আলী নামৰ ৬৫ বছৰীয়া বৃদ্ধগৰাকীয়ে চুবুৰীয়া বৰঘোপা গাঁৱৰ এগৰাকী আঠ বছৰীয়া নাবালিকাক যোৱা ৩১ ডিচেম্বৰৰ দিনা বিলাহী খেতি এডৰাত ফুচুলাই নি বলপূৰ্বকভাবে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল৷ নাবালিকা গৰাকীয়ে কোনোমতে ঘৰলৈ গৈ সমস্ত কথা অভিভাৱকক অৱগত কৰাত অভিভাৱকে পৰামৰ্শৰ বাবে গাঁওখনৰ মুখীয়াল তথা প্ৰাক্তন সাংবাদিক আবু তাহেৰক লগ কৰাত তাহেৰে ধৰ্ষণত অভিযুক্ত কয়েমাৰী গাঁৱৰ চোহৰাব আলীৰ গাঁৱৰ মুখীয়াল ক্ৰমে হুছেইন আলী আৰু মোহৰ আলীক লগ কৰে৷

দুই গাঁৱৰ মুখীয়ালৰ আলোচনামৰ্মে ধৰ্ষণকাৰী চোহৰাব আলীৰ পৰা সমস্ত ঘটনা গাপ দিব বুলি কৈ মোটা অংকৰ ধন দাবী কৰে আৰু সেইমৰ্মে চোহৰাব আলীয়ে তৃতীয় পক্ষ ক্ৰমে আবু তাহেৰ, হুছেইন আলী আৰু মোহৰ আলীক নগদ ধন আদায় দিয়াত তাৰ কিয়দাংশ ধৰ্ষণৰ বলি নাবালিকা গৰাকীৰ পিতৃকো আদায় দিয়ে৷

এই সমস্ত কথা শালবাৰী আৰক্ষীয়ে জানিব পৰাত তদন্ত চলাই বৃহস্পতিবাৰে কয়েমাৰী গাঁৱৰ নিজ গৃহৰপৰা আনন্দ বজাৰ আৰক্ষীৰ সহযোগত আটক কৰে নাবালিকা ধৰ্ষণকাৰী ৬৫ বছৰীয়া চোহৰাব আলীক৷ লগতে ঘটনাত জড়িত ধনৰ লেনদেনকাৰী ৩ অভিযুক্ত ক্ৰমে প্ৰাক্তন সাংবাদিক আবু তাহেৰ, আনন্দ বজাৰ কয়েমাৰীৰ মাতব্বৰ তথা ব্যৱসায়ী হুছেইন আলী, মাতব্বৰ মোহৰ আলীকো আটক কৰি আদালতলৈ প্ৰেৰণ কৰাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে৷ ধৰ্ষণকাৰী চোহৰাব আলীৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩৭৬ নং ধাৰাত ২/৮১৯ নম্বৰত গোচৰ ৰুজু কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in