অযোধ্যা ভূমি বিবাদক লৈ বাতৰি পৰিৱেশন আৰু আলোচনাত মন্তব্য ৰখাৰ আগেয়ে সাৱধান…

অযোধ্যা ভূমি বিবাদক লৈ বাতৰি পৰিৱেশন আৰু আলোচনাত মন্তব্য ৰখাৰ আগেয়ে সাৱধান…

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া অযোধ্যা ভূমি বিবাদৰ অন্ত পেলাই শনিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পাছতো সমগ্ৰ দেশত বৰ্তমানেও অব্যাহত আছে হাই এৰ্লাট। দেশৰ কোনো প্ৰান্তত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে।

কোনো কাৰণতে যাতে শান্তি-শৃংখলা বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশত কোৱা হৈছে যে, অযোধ্যা ভূমি বিবাদৰ সন্দৰ্ভত বাতৰি পৰিৱেশন আৰু প্ৰচাৰৰ ক্ষেত্ৰত যাতে সংবাদমাধ্যম সমূহে সৰ্তকতা অৱলম্বন কৰে। লগতে কোৱা হৈছে যে, এই বিষয়ৰ সন্দৰ্ভত আলোচনা অথবা তৰ্ক অনুষ্ঠানত ভাগ লোৱা ব্যক্তিসকলেও যাতে কোনো বিৰ্তকিত মন্তব্য নকৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in