বানৰ সময়ত ধুবুৰী জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা মন্ত্ৰী ৰঞ্জিত দাসৰ…

বানৰ সময়ত ধুবুৰী জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা মন্ত্ৰী ৰঞ্জিত দাসৰ…

ডিজিটেল সংবাদ ধুবুৰীঃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ধুবুৰী জিলাৰ বান পৰিস্থিতিৰ বুজ লয়৷ মঙ্গলবাৰে সন্ধিয়া আহি ধুবুৰীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব তথা ধুবুৰী জিলাৰ অভিভাৱক সচিব ডাঃ জে বি এক্কাৰ সৈতে আজি পুৱা ধুবুৰী আৱৰ্ত ভৱণৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷

জিলা উপায়ুক্ত অন্বামুথন এম পি, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰকল্প বিষয়া মফেৰজুল সৰকাৰে মন্ত্ৰীগৰাকীক ধুবুৰীৰ সাম্প্ৰতিক বান পৰিস্থিতি, বানৰ মোকাবিলা কৰাৰ বাবে লোৱা পদক্ষেপ, সাহাৰ্য শিবিৰ আৰু সাহাৰ্য বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ সম্পৰ্কত সবিশেষ তথ্যসহ অৱগত কৰে৷

বান পৰিস্থিতিৰ সময়ত ধুবুৰী জিলা প্ৰশাসনে লোৱা তৎপৰতাত সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ পানী শুকুৱাৰ পিছত হ'ব পৰা বিভিন্ন ৰোগৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ চিকিৎসকৰ দলে তৎপৰতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

তেওঁ লগতে জিলা প্ৰশাসনক অতি সোনকালে বানত ক্ষতি হোৱা মানুহৰ বাসগৃহৰ তথ্য সাজু কৰি জমা দিবলৈ কয় যাতে, জুলাই মাহৰ ভিতৰত ৰাইজক ক্ষতিপূৰণ আদায় দিব পৰা যায়৷ ধুবুৰী চহৰত বছৰ বছৰ ধৰি হৈ থকা কৃত্ৰিম বানৰ অসুবিধাৰ সমাধানৰ বাবে এইবাৰ জিলা প্ৰশাসন আৰু পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যালৰ নেতৃত্বত পৌৰসভাই লোৱা তৎপৰতাৰো সলাগ লয় মন্ত্ৰী দাসে৷

তেওঁ সমস্যাটোৰ স্থায়ী সমাধান কৰি ধুবুৰী চহৰক সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰিবলৈ বৈঠকত পৰামৰ্শ দিয়ে৷ বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে ধুবুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ লয়৷

শিবিৰত জিলা প্ৰশাসনে স্থাপন কৰা শিশু উপযোগী স্থানত শিবিৰত থকা শিশুসকলক অংগনবাড়ী কৰ্মী-সহায়িকাই পাঠদান কৰি থকা কাৰ্যৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকৰ আগত তেওঁ বানৰ সময়ত ধুবুৰী জিলা প্ৰশাসনে বৰ্নাত্যৰ সহায়ৰ বাবে লোৱা তৎপৰতা আৰু বানৰ বাবে লোৱা আগতীয়া প্ৰস্তুতিৰ ভূয়সী প্ৰশংসা কৰে৷

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয় বুধবাৰে বিলাসীপাৰাত বান পৰিস্থিতিৰ বুজ লৈ জিলা প্ৰশাসনে লোৱা পদক্ষেপক প্ৰশংসা কৰিছিল৷ আনপিনে অভিভাৱক সচিব ডাঃ জে বি এক্কাই আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অধীনত ৰূপায়িত এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আচনিৰ পৰ্যালোচনা কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in