বৰ্দ্ধিত টিকাকৰণ অভিযান পৰ্যবেক্ষণৰ বাবে কলিয়াবৰ জিলাত উপস্থিত অভিভাৱক মন্ত্ৰী

বৰ্দ্ধিত টিকাকৰণ অভিযান পৰ্যবেক্ষণৰ বাবে কলিয়াবৰ জিলাত উপস্থিত অভিভাৱক মন্ত্ৰী

বৰ্দ্ধিত টিকাকৰণ অভিযান পৰ্যবেক্ষণৰ বাবে কলিয়াবৰ জিলাত উপস্থিত অভিভাৱক মন্ত্ৰী…

ডিজিটেল সংবাদ কলিয়াবৰ: মুখ‍্যমন্ত্ৰীৰ ঘোষনাৰ পাছতেই বৰ্দ্ধিত টিকাকৰণ অভিযান কেনেধৰণে কৰিছে তাৰ পৰ্যবেক্ষনৰ বাবে সোমবাৰে কলিয়াবৰত দুটা টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হ'লহি নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ।
কেলিডেন চাহবাগিচা স্থিত টিকাকৰণ কেন্দ্ৰৰ লগতে জখলাবন্ধাৰ মিলন সংঘস্থিত প্ৰতিষেধক টিকাকৰণ কেন্দ্ৰটো মন্ত্ৰী দুগৰাকীয়ে পৰিদৰ্শন কৰে। বৰ্ধিত টিকাকৰণ অভিযান কি পৰ্যায়ত ৰূপায়িত হৈছে নীৰিক্ষণ কৰে দুই মন্ত্ৰীয়ে। কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি ক'ৰনা স্বাস্থ‍্য সমন্ধীয় পৰিস্থিতিৰো বুজ লয়। যাতে টিকাকৰণ দ্ৰুতগতিত হয় তাৰ বাবে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই যাৱতীয় ব‍্যৱস্থা ল'বলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে ।

টিকাকৰণৰ ৩ লাখ যি লক্ষ্য আছিল তাতকৈ বহু বেছি পৰিমানৰ টিকাকৰণ আজিৰ দিনটোতে হোৱাৰ সম্ভাৱনা আছে বুলি কলিয়াবৰৰ কেলিডেন বাগিচাৰ টিকাকৰণ কেন্দ্ৰত উপস্থিত হৈ এইদৰে কয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । বৰ্দ্ধিত টিকাকৰণৰ প্ৰতি অসমৰ ৰাইজে যথেষ্ট সহাৰি দিছে বুলিও তেওঁ প্ৰকাশ কৰে । লগতে ৰাইজৰ সহযোগত চৰকাৰে কোভিডক জয় কৰি ৰাজ‍্যত এক সুস্থিৰ পৰিবেশ সূচনা কৰিব পাৰিব বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । আনহাতে মন্ত্ৰী গৰাকীয়ে লগতে কয় 'ৰেড ডিচট্ৰিক্ট ' হিচাপে ৯ খন জিলাত সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত এতিয়াও লোৱা নাই চৰকাৰে । ২২ জুনৰ পৰা পূৰ্বৰ নিৰ্দেশনা বাহাল থাকিব বুলিও জানিবলৈ দি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় পৰবৰ্তী সময়ত সকলো তথ্য সংগ্ৰহৰ পাছতহে মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে লগতে দোহাৰে ।

অভিভাৱক মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় আজি কেলিডেন চাহ বাগিচাত প্ৰতিষেধক লবলৈ অহা মানুহৰ উৎসাহ দেখি ভাল লাগিছে। তেওঁ লগতে কয় পূৰ্বতে ভেকচিন লবলৈ মানুহৰ উৎসাহ কম দেখা গৈছিল তাৰ ফলস্বৰূপে কোভিড কিছু বাঢ়িলে। কিন্তু এতিয়া তাৰ ওলোটা পৰিবেশ দেখা পোৱা গৈছে বুলিও মন্ত্ৰী গৰাকীয়ে কয়। পৰিদৰ্শন কালত উপস্থিত থাকে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভন আৰু জিলা স্বাস্থ্য বিষয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in