মন্ত্ৰী পীযুষ হাজৰিকাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ… VIDEO

মন্ত্ৰী পীযুষ হাজৰিকাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ… VIDEO

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকাসহ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰণৱজ্যোতি লহকৰ ৷ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ক'লা পতাকা প্ৰদৰ্শন  কৰে পীয়ুষৰ কনভয়ক ৷

অহা ২৪ জানুৱাৰীত বোকাখাতত আয়োজন কৰা বিজেপিৰ শান্তি সমদলৰ সম্পৰ্কে আলোচনা কৰিবৰ বাবে বৰপথাৰ ৰাজহুৱা ৰংগমঞ্চত দলীয় সভাত অংশ লবলৈ আহিছিল মন্ত্ৰীসহ দলটোৰ কাৰ্যকৰ্তা ৷

বৰপথাৰ হস্পিটেল তিনিআলিত আছুৱে কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে । আছুৱে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰে যদিও মন্ত্ৰী গৰাকী আৰু পালিনেতা সকলে প্ৰতিবাদক কৃষ্ণ কৃষ্ণ কৰি কিছু ইতিকিং সূচক মন্তব্য কৰি যায় তাৰ বাবে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে আছুৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in