এইবাৰ মোদী চৰকাৰৰ মন্ত্ৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

এইবাৰ মোদী চৰকাৰৰ মন্ত্ৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। #MeToo আন্দোলনত ভাগ লৈ এগৰাকী সাংবাদিকে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংবাদিক-সম্পাদক এম জে আকবৰৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।

অভিনেত্ৰী তনুশ্ৰী দত্তই জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপনেৰে ভাৰতত #MeToo আন্দোলনক নতুন মাত্ৰা প্ৰদান কৰাৰ পিছতে বিদেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে সৃষ্টি কৰিছে আন এক চাঞ্চল্যৰ। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা এই সাংবাদিকগৰাকী হৈছে প্ৰিয়া ৰামানি।

এবছৰ পূৰ্বেই হলীউডত #MeToo আন্দোলনে খলকনি তোলাৰ সময়তে সাংবাদিক প্ৰিয়া ৰামানিয়ে এখন আলোচনীত নাম উল্লেখ নকৰাকৈয়ে
'ডিয়েৰ মেল বছ' শীৰ্ষক লেখা এটাত জ্যেষ্ঠ সাংবাদিক-সম্পাদক এগৰাকীৰ হাতত কিদৰে নিৰ্যাতনৰ সন্মুখীন হৈছিল সেয়া বৰ্ণনা কৰিছিল। কিন্তু বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰা নাছিল।

শেহতীয়াকৈ তনুশ্ৰীয়ে আন্দোলনটোক নতুন মাত্ৰা দিয়াত সাহসী হৈ উঠা সাংবাদিক প্ৰিয়াই টুইটৰ জৰিয়তে মুকলিকৈ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ লগে লগে ভিন্নজনে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক প্ৰশ্নৰে থকা-সৰকা কৰা দেখা গৈছে।

https://twitter.com/priyaramani/status/1049279608263245824

এগৰাকী মহিলা হৈ তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত উক্ত অভিযোগ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব নে নীৰৱ হৈয়ে থাকিব বুলি সুষমা স্বৰাজক প্ৰশ্ন কৰিছে দেশৰ আগশাৰীৰ মহিলা সাংবাদিক স্মিতা শৰ্মাই। 'এয়া সাধাৰণ অভিযোগ নহয়। এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ যৌন নিৰ্যাতনৰ অভিযোগ। এতিয়া তদন্ত হ'ব নে নীৰৱতা অৱলম্বন কৰিব?'- মহিলা সংবাদিকগৰাকীৰ প্ৰশ্ন।

সম্প্ৰতি চৰকাৰী কোনো ভ্ৰমণসূচীৰ অংশ হিচাপে সম্প্ৰতি নাইজেৰিয়াত আছে মন্ত্ৰী এম জে আকবৰ। মন্ত্ৰীগৰাকী বিদেশ ভ্ৰমণত থকাৰ সময়তে বিষয়টো সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈ এতিয়া অস্বস্তিত পৰিবলগীয়া হৈছে সুষমা স্বৰাজ।

সোমবাৰে মোদী চৰকাৰৰে মহিলা উন্নয়ন মন্ত্ৰী মেনেকা গান্ধীয়ে #MeToo আন্দোলনক সমৰ্থন জনোৱাৰ সময়তে সুষমাই তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in