পুৱাই জিএমচিত ৰক্তদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

পুৱাই জিএমচিত ৰক্তদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
  • সেৱা সপ্তাহ উপলক্ষ্যে শনিবাৰে পুৱাই ৰক্তদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মন্ত্ৰীগৰাকীয়ে ৰক্তদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
  • উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি দেশজুৰি বিজেপিয়ে পালন কৰিছে সেৱা সপ্তাহ।
  • প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ সপ্তাহটো পালন কৰা হৈছে সেৱা সপ্তাহ হিচাপে।
  • মন্ত্ৰীগৰাকীয়ে কয় যে, 'প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে বিজেপিয়ে ১৪ ৰ পৰা ১৯ ছেপ্তেম্বৰলৈ পালন কৰিব সেৱা সপ্তাহ।'
  • 'বিজেপিয়ে সমগ্ৰ অসমৰ সাংগঠনিক জিলাত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিব।'
  • 'সেৱা সপ্তাহৰ কাৰ্যসূচী ১০ বজাৰ পৰা আৰম্ভ হ'ব।'
  • কিন্তু চৰকাৰী কাৰ্যসূচী থকাৰ বাবে তেওঁ পুৱাই ৰক্তদান কৰে বুলিও জনাই মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in