কি হ’ল? কোৰোনা এৰি হঠাৎ আন কামত ব্যস্ত হিমন্ত বিশ্ব…

কি হ’ল? কোৰোনা এৰি হঠাৎ আন কামত ব্যস্ত হিমন্ত বিশ্ব…

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰিস্থিতি অধিক অৱণতি হৈ গৈ আছে যদিও স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইকেইদিন আজৰি নাই এইবোৰ ভাবিবলৈ। যিকোনো মুহূৰ্ততেই মহানগৰীত সম্পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনাই দেখা দিয়াৰ পাছতো কাৰ্যত যোৱা ৩-৪ দিন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এক কামতহে ব্যস্ত হৈ আছে।

মণিপুৰত ৯ জন বিধায়কে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কোৰোনাতকৈ মণিপুৰৰ ৰাজনীতিতহে অধিক মনোনিৱেশ কৰিব লগা হৈছে। কণৰাড চাংমাৰ লগত পূৰ্বে মণিপুৰলৈ গৈ পৰিস্থিতি অধ্যয়ন কৰি এই সপ্তাহতে উভটি আহিছিল হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছত এনপিপিৰ বিসম্বাদী ৪ মন্ত্ৰী আহি উপস্থিত হৈছিলহি গুৱাহাটীত।

এই বিধায়ক কেইজনক লগত লৈ এখন চাৰ্টাৰ্ড বিমানেৰে হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছিল নতুন দিল্লীলৈ। নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰি মণিপুৰৰ ৰাজনৈতিক সংকট সমাধানৰ সূত্ৰ উলিয়াইছিল হিমন্তই।

এই সাক্ষাৎকালত হিমন্ত বিশ্ব শৰ্মা, কণৰাড চাংমা, এনপিপিৰ বিসম্বাদী ৪ মন্ত্ৰীৰ সৈতে হোৱা বুজাবুজিৰ মৰ্মে বিসম্বাদী মন্ত্ৰীকেইজনে বীৰেন সিং নেতৃত্বাধীন চৰকাৰৰ প্ৰতি পুনৰ সমৰ্থন দিবলৈ সহমত প্ৰকাশ কৰে। মণিপুৰৰ উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙৰ সৈতে হোৱা বুজাবুজিৰ মৰ্মে পূৰ্বৰ মন্ত্ৰীত্বৰ পদতেই পুনৰ এনপিপিৰ এই ৪ বিধায়কে চৰকাৰৰ অংশ হিচাপে থাকি কাম কৰি যাব।

বুধবাৰে এই সিদ্ধান্ত হোৱাৰ পাছত দিল্লীৰ পৰা ইম্ফললৈ ৰাওনা হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ লগতে গৈছে এনপিপিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা। যিকোনো মূল্যৰ বিনিময়ত মণিপুৰত বিজেপিৰ চৰকাৰখন ৰক্ষা কৰিবলৈ উঠি পৰি লগা হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ ৰাজনৈতিক সংকট সমাধান কৰাৰ বাবে ব্যস্ত হৈ থকাৰ সময়তে মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

গুৱাহাটীৰ পাছত তেজপুৰতো কোভিড-১৯ৰ গণ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে। তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ২৬ গৰাকী চিকিৎসক-চিকিৎসাকৰ্মীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল। ইয়াৰে ২৩ গৰাকী আক্ৰান্ত হৈছে কোৰোনাত। ইফালে গোলাঘাটতো গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ জগত শইকীয়াৰ পৰিয়ালত প্ৰায় আটাইকেইজনৰ দেহত ধৰা পৰিছে কোভিড-১৯।

প্ৰথমবাৰৰ বাবে অসমত উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ দেহতো কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া আক্ৰান্ত হৈছে কোভিড-১৯ত। এনে জটিল পৰিস্থিতিৰ মাজতো ৰাজ্যত উপস্থিত নাই স্বাস্থ্য মন্ত্ৰী। অৱশ্যে তেওঁ ছ'চিয়েল মেডিয়াৰ জৰিয়তে কোভিড-১৯ৰ আপডেটসমূহ দি আছে। মহানগৰীত বেংক বিষয়া-কৰ্মচাৰীৰ দেহতো কোভিড-১৯ৰ সংক্ৰমণৰ বহুকেইটা ঘটনা পোহৰলৈ আহিছে।

মহানগৰ আৰক্ষীৰ ১৭ জন বিষয়া-কনিষ্টবলৰ দেহত ইতিমধ্যে ধৰা পৰিছে কোভিড-১৯। কিন্তু ১১ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন কৰাৰ পাছতো ভয়াৱহ ৰূপত সংক্ৰমিত হোৱা কোভিড-১৯ৰ ঘটনাই আতংকিত কৰিছে মহানগৰবাসীক। যিকোনো মুহূৰ্ততেই গুৱাহাটীত সম্পূৰ্ণ লকডাউন হোৱাৰ সম্ভাৱনাই দেখা দিছে যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া ব্যস্ত মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in