মঙলদৈত ভূমিহীনলোকক মাটিৰ পট্টা বিতৰণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উভতাৰ পথত সন্মুখীন হ’ল ক’লা পতাকাৰ

মঙলদৈত ভূমিহীনলোকক মাটিৰ পট্টা বিতৰণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উভতাৰ পথত সন্মুখীন হ’ল ক’লা পতাকাৰ

ডিজিটেল সংবাদ, মঙলদৈঃ 'আমি অতি সোনকালে এক ভূমি নীতি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছো যাতে খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰহে থাকে; সত্ৰ, মন্দিৰ আদিৰ মাটি বেদখল হ'লে ন্যায়ালয়ৰ আওতালৈ নগৈ জিলা উপায়ুক্তই যাতে তৎকালে বেদখলমুক্ত কৰাৰ ব্যৱস্থা কৰিব পাৰে।' -এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে পথৰুঘাটৰ শ্বহীদ দিৱসৰ ঐতিহাসিক দিনটোত মঙলদৈৰ জিলা পুথিভঁৰালত অনুষ্ঠিত কৰা ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু বান ক্ষতিগ্ৰস্ত লোকসকললৈ অনুদান প্ৰদানৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীজনে এই মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাই লগতে মাটি, জাতি, ভেটি ৰক্ষাৰ স্বাৰ্থত জনসাধাৰণক আবেগেৰে পৰিচালিত নহৈ যুক্তিপূৰ্ণ আৰু বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে অসম চৰকাৰে ২০২০ বৰ্ষটোৰ ভিতৰত এক লাখ লোকক ভূমিৰ পট্টা বিতৰণৰ বাবে লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ লগতে চৰকাৰে প্ৰত্যেকখন বিদ্যালয়ত মাধ্যম যিয়েই নহওক কিয়, অসমীয়া ভাষাৰ বিষয় থকাটো বাধ্যতামূলক কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব বুলি তেওঁ ভাষণ প্ৰসঙ্গত জানিবলৈ দিয়ে।

অসম চৰকাৰে দৰং জিলাখনৰ উন্নীতকৰণৰ বাবে মঙলদৈত কৰ্কট ৰোগৰ চিকিৎসালয়, দক্ষতা বিশ্ববিদ্যালয় আদি স্থাপনৰ কাম খুব সোনকালে আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ গড়কাপ্তানী বিভাগত জিলাখনত ভেবাৰঘাটৰ পৰা হলৌচৌকালৈকে পথছোৱা নিৰ্মাণৰ বাবে ২৬ কোটি, বামুণপাৰাৰ পৰা দিঘীৰপাৰালৈকে পথ নিৰ্মাণৰ বাবে ১০ কোটি, জলজলীৰ যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে ৫ কোটি আবণ্টন দিয়া হ'ব বুলি জানিবলৈ দিয়ে।

আনহাতে বিগত বৰ্ষত নগৰবাহী মথাউৰিটো ভঙাৰ ফলত বানপানীয়ে সমগ্ৰ মঙলদৈ চহৰখন বুৰাই পেলোৱাৰ দৰে ঘটনা পুনৰাবৃতি নহ'বলৈ মথাউৰিটো নিৰ্মাণৰ বাবে ৯ কোটি আৰু দলগাঁও নলা-নৰ্দমা নিৰ্মাণৰ বাবে ২২ কোটি টকা আবণ্টন দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানটোত উপস্থিত থাকি মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মন্ত্ৰীজনে দৰঙবাসীৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায়।

উল্লেখযোগ্য যে উপায়ুক্ত ঘনশ্যাম দাসকে ধৰি প্ৰশাসনৰ বিভিন্ন বিষয়-ববীয়া উপস্থিত থকা এই অনুষ্ঠানত দৰং জিলাৰ ৬১৩ জন হিতাধিকাৰীক মাটিৰ আবণ্টন আৰু খেৰাজ পট্টা প্ৰদানৰ বাবে বাচনি কৰা হৈছে আৰু মঙলবাৰে ১০ জন হিতাধিকাৰীক পট্টা আৰু পাঁচজন বান ক্ষতিগ্ৰস্ত লোকক মন্ত্ৰীজনে আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ইফালে মন্ত্ৰীগৰাকী ওভতাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই ক'লা পতকা প্ৰদৰ্শন কৰি হিমন্ত বিশ্ব শৰ্মাৰ এই যাত্ৰাত বিক্ষোভ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in