শেহতীয়া খবৰ
উত্তৰ পূূূব দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ দোষীক যাৱজ্জীৱন কাৰাদণ্ড...  •  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…

“কা” বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা

1,173

ডিজিটেল সংবাদ, গুৱাহাটীঃ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে প্ৰদান কৰিব মাহে ৭০০কৈ টকা। ৰাজ্যত কাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ পৰা বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বুধবাৰে এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে লগতে কয়, ফেব্ৰুৱাৰী ১০ তাৰিখৰ ভিতৰত চৰকাৰে ৰূপায়ন কৰিব সেই আঁচনি। ইয়াৰ দ্বাৰা প্ৰায় ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টত ১০ মাহৰ বাবে একেলগতে সোমাব ৭ হাজাৰকৈ টকা। অভিভাৱকৰ খৰচ কিছু পৰিমাণে কম কৰিবৰ বাবে এই আঁচনি ঘোষণা কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইফালে চৰকাৰে ১৪০০ টকাকৈ দিয়াৰ বাবে লক্ষ্য লোৱা বুলিও জনাই তেওঁ। মন্ত্ৰী শৰ্মাই শিক্ষকে কৰা প্ৰতিবাদ প্ৰসংগত কয়, বন্ধৰ দিনত আন্দোলন কৰিলে শিক্ষকৰ দৰমহা কটা নাযায়। যদি শ্ৰেণী বাদ দি কোনো চৰকাৰী কৰ্মচাৰী বা শিক্ষকে আন্দোলন কৰে তেতিয়া তেওঁলোকৰ দৰমহা কটা হ’ব। লগতে মন্ত্ৰীক লগ কৰিবলৈ শ্ৰেণী বাদ দি যদি কোনো লোক যায় তেতিয়াও তেওঁলোকৰ দৰমহা কটা যাব। শনি বা দেওবাৰে গ’লে কটা নাযায় দৰমহা।

মন্ত্ৰীৰ মিটিং শুনিবলৈ গ’লেও কটা যাব দৰমহা বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয়, মাত্ৰ শিক্ষকে নহয়, চিকিৎসক বা আন লোকে কৰিলেও তেওঁলোকৰ দৰমহাও কটা যাব। হিমন্ত বিশ্ব শৰ্মাই কা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানিক লৈ কোনো মন্তব্য নকৰে। ইফালে তেওঁ কয়, ‘‘নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত তৰ্ক হ’ব লাগে, আলোচনাচক্ৰ হ’ব লাগে।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী৷ তাৰ পিছতে তেওঁ সংবাদমাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰক আন্দোলন কৰাত বাধা দিব নেকি বুলি সোধা প্ৰশ্নত কয়, ছাত্ৰক আমি কি বাধা দিম। ছাত্ৰ-ছাত্ৰীটো স্বাধীন। আমি তেওঁলোকক দৰমহা নিদিও।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি