গোৱালপাৰাত মন্ত্রী অজন্তা নেওগঃ কেইবাটাও বিভাগৰ বিষয়ে পৰ্যালোচনা, ধান ক্ৰয়ৰ পৰিমাণক লৈ অসন্তুষ্ট…

গোৱালপাৰাত মন্ত্রী অজন্তা নেওগঃ কেইবাটাও বিভাগৰ বিষয়ে পৰ্যালোচনা, ধান ক্ৰয়ৰ পৰিমাণক লৈ অসন্তুষ্ট…

ডিজিটেল সংবাদ গোৱালপাৰাঃ আজি অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথ গোৱালপাৰা জিলাৰ অভিভাবক মন্ত্রী অজন্তা নেওগে দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলাত উপস্থিত হয়। প্রথমেই মন্ত্ৰী গৰাকীয়ে গোৱালপাৰা জিলাত উপাযুক্ত কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত বিভাগৰ দ্বাৰা চলাই থকা বিভিন্ন আঁচনিৰ কাম কাজৰ পৰ্যালোচনা কৰে।

আজি উপাযুক্ত মিনাক্ষী দাস নাথে মন্ত্রী গৰাকীক আদৰণি জনোৱাৰ লগতে বিভাগ সমূহৰ কাম কাজৰ এক পিপিটি প্রদান কৰি কামত অগ্ৰতিৰ বুজ দিয়ে। সভাৰ প্ৰথমে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা চলাই থকা জলজীৱন মিচন আঁচনিৰ বিষয়ে আলোকপাত কৰে বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে।

ইয়াৰ পিছত ক্ৰমে মীন, লোক নির্মাণ (পথ), লোক নির্মাণ (গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ, জলসম্পদ আৰু কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ কামৰ অগ্ৰগতিৰ বিষয়ে বিভাগীয় বিষয়া সকলে মন্ত্ৰী গৰাকীক অৱগত কৰে। লোক নির্মাণ ((পথ) অধীনত পি এম জি এচ ৱাইৰ অধীনত চলিথকা পথ আৰু জিলাৰ ২০১৭ আৰু ২০১৮ আবণ্টিত কাম সমূহ এতিয়াও সম্পূর্ণ নোহোৱা কাৰ্যাত মন্ত্রীগৰাকীয়ে উদ্বেগ প্রকাশ কৰে আৰু অহা ডিচেম্বৰ মাহৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নির্দেশ দিয়ে।

যি সকল ঠিকাদাৰে এতিয়াও তেওঁলোকৰ কাম সমূহ যি কাৰণতে নহওক শেষ কৰিব পৰা নাই তেওঁলোকক জাননী জাৰি কৰি কাম সমূহ শেষ কৰিবলৈ লোকনিৰ্মাণ বিভাগৰ অভিযন্তা সকলক মন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে। কৃষি বিভাগৰ দ্বাৰা চলাই থকা ধানক্ৰয়ৰ পৰিমাণ সন্তুষজনক নহয় বুলি মন্ত্রীগৰাকীয়ে জানিব দিয়ে আৰু কি কাৰণত ধান ক্ৰয়ৰ পৰিমাণ কম হৈছে সেই বিষয়ে জিলা কৃষি বিষয়া গৰাকীৰ পৰা জানিবলৈ বিচাৰে।

মন্ত্ৰীগৰাকীয়ে ৰংজুলি অঞ্চলত বহুতো নিবনুৱা যুৱকে চৰকাৰী মাটিৰ কল, বগৰিকে ধৰি বিভিন্ন কৃষি কর্ম কৰি থকা কথাটো কৃষি বিষয়াৰ পৰা অৱগত হৈ তেওঁলোকৰ দ্বাৰা অধিকৃত চৰকাৰী মাটিৰ এটা চাৰ্ভে কৰি প্রতিবেদন জমা দিবলৈ কৃষি বিষয়া গৰাকীয়ে আহ্বান জনায়। যাতে পৰবর্তী সময়তে সেই যুৱাসকলক মাটি প্রদান কৰিব পৰা যায়।

পৰবর্তী সময়ত সেই স্থানতে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সভাপতি আৰু জিলা গ্রামোন্নয়ন বিভাগৰ বিভিন্ন বিষয়া সকলৰ লগত গ্রামোন্নয়ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। সভাত জিলাখনৰ বিশেষকৈ মাটিয়া, খৰমুজা, লক্ষীপুৰ আৰু জলেশ্বৰ উন্নয়ৰ খণ্ডত প্ৰধান মন্ত্রীৰ আৱাস যোজনাৰ অধীনত হিতাধিকাৰী সকলক প্ৰদান কৰা ঘৰৰ কাম সম্পূর্ণ নোহোৱা বিষয়টোত উদ্বেগ প্রকাশ কৰে। আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হৈছে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে পঞ্চায়ত সভাপতি সকলৰপৰা জানিব বিচাৰে।

মন্ত্রী গৰাকীয়ে কয় যে, আকাংক্ষিত জিলা হিচাপে এই জিলাখনলৈ কেন্দ্রীয় চৰকাৰৰ পৰা যথেষ্ট পুঁজি যোগান ধৰা হয়। তেনে স্থলত জিলাখনত বিগত সময়ছোৱাত আবন্তিত হোৱা প্রায় ৩৫০০০ গৃহত কাম সম্পূর্ণ নহলে নতুনকৈ আবন্তিত হোৱা ৩৬০০০ হাজাৰ গৃহৰ কাম কেনেদৰে কৰিব বুলি সভাত প্ৰশ্ন উত্থাপন কৰে।

উক্ত অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে যোৱা কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰি গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই অনা গোৱালপাৰা মাটিয়াৰ এছ টি চোৱাছটিয়ান স্কুলৰ ছাত্র বিতুপন মেধীক মন্ত্ৰী গৰাকীয়ে এখন গামোচা, ফুলৰ থোপা আৰু কিতাপৰে সম্বৰ্ধনা জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in